পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বুঢ়া
বুদ্ধি
২০৪


humble life.

বুঢ়া ডাঙ্গৰীয়া— বি, বুঢ়া ডাঙ্গৰীয়া এবিধ দেও। এই দেও বৰ গহীন আৰু মানী। এতেকে,—গহীন আৰু মানী মানুহ, a sober and respectable person.

বুঢ়া শালিকাই মাত লব নোৱৰা—ক্ৰি, শালিকাই পোৱালি হৈ থাকোঁতে হে মানুহৰ মাত শিকিব পাৰে। বুঢ়া শালিকাই মাত লব নোৱাৰে। এতেকে,— বয়স বেচি হলে নতুন কথা শিকিবলৈ অক্ষম হোৱা, to be too far advanced in life to be able to learn | a new thing.

বুঢ়াৰ কথা শুনি খালত পৰি কেঁকোৱা—ক্ৰি, (উপকথা) কোনো ডেকাই বুঢ়াৰ হাক নুশুনি গৈ খালত পৰিল গৈ। পাচত বুঢ়াক দেখি খালৰপৰা তুলিবলৈ বুঢ়াক কেঁকাই কেঁকাই অনুৰোধ কৰিলে। বুঢ়াই তেতিয়া উত্তৰ দিলে—“বুঢ়াৰ কথা নুশুন ডেকা, খালত পৰি কিয় কেঁকা। ” এতেকে,—জনাবুজা মানুহৰ কথা নুশুনি বিপদগ্ৰস্ত হোৱা, to be involved in danger by dis- regarding the warning of competent advisors.

বুঢ়াৰ হাতত চেঙ্গেলি—বিং, চেঙ্গেলি মাছ পিছল বাবে তাক হাতেৰে ধৰি ৰখা টান। বুঢ়া মানুহৰ হাত খহটা-খহটি। বুঢ়াৰ হাতত চেঙ্গেলি পৰিলে সি এৰাই যাব নোৱাৰে। এতেকে,—প্ৰবীণ কাৰ্য্য-কুশল মানুহৰ হাতত ধুৰ্ত্ত মানুহ, a cunning person under the control of a veteran who cannot be hoodwinked.

বুঢ়ী ঘৈণী--বিং, দ্বিতীয় ঘৈণীৰ বয়স কম আৰু তাই কাম-বন কৰি ফুৰে। প্ৰথম ঘৈণী তেতিয়া বুঢ়ী হয় আৰু তাই বহি থাকি দ্বিতিয় ঘৈণীক হুকুমেৰে চলায়। এতেকে,—মুখেৰে দিহা দিয়া আৰু নিজে কাম- বন নকৰা মাইকী মানুহ, a woman who does no work herself but superintends the work done by others in a household.

বুদ্ধি থকা বৰা-ধান নথকা— ক্ৰি, বৰা-ধানেৰে সান্দহ পিঠা আদি জলপান কৰা হয়। এইবিলাক জলপান কৰিবলৈ বুদ্ধি লাগে। যদি বৰা-ধান যুগুত নাথাকে, তেনেহলে জলপান প্ৰস্তুত কৰিবৰ নিয়ম-প্ৰণালী জনাৰ