নুই কৰা,— ক্ৰি, [নু-হই উচ্চাৰণ কৰা] নহয় বুলি কোৱা, আসৈ মতা, to deny.
নুবুৰে মানে বোৱা,— ক্ৰি, নাও যেতিয়ালৈকে নুবুৰে তেতিয়ালৈকে বৈঠা মাৰিবলৈ এৰি দিব নালাগে বোলা হৈছে, কিয়নো শেষ মুহূৰ্ত্ততো কিজানি নাও ৰক্ষা কৰিব পৰা যাব পাৰে৷ এতেকে,—শেষ মুহূৰ্তলৈকে আশা এৰি নিদিয়া, not to be abandon hope to the last breath of life.
নুমাবৰ অগনি জ্বলোৱা,—ক্ৰি, [অগনি=অগ্নি] যি জুই-খৰি অঁতাই নুমাব লগীয়া হৈছিল, খৰি জাপি দি আকৌ সেই জুই জ্বলাই দেিয়ে বোলা হৈছে৷ মানসিক সন্তাপত জুইৰে তুলনা কৰা হৈছে৷ এতেকে,— পাহৰিব লগীয়া হোৱা সন্তাপ কোনো কাৰ্য্যৰ দ্বাৰা আকৌ বঢ়াই নিয়া, to rake up what is unpleasent.
নেগুৰ পকোৱা,— ক্ৰি, দগা গৰুৱে নেগুৰ পকালেহে খোজ চলায়৷ এতেকে,—(ঢিলা মানুহক) টান মুখেৰে চলোৱা, to urge forward strongly.
নেগুৰত ধৰি ওলমা,— ক্ৰি, (উপকথা) এজন বুঢ়া মানুহৰ মূলা খেতি খাবলৈ ঐৰাৱত আহোঁতে বুঢ়াই তেওঁক ধৰিলে৷ ঐৰাৱতে তাক স্বৰ্গ দেখুৱাব বুলি কোৱাত সি আৰু অন্যান্য মানুহে ঐৰাৱতৰ নেগুৰত ধৰি ওলমিল৷ মানুহবিলাকে বাটত বুঢ়াক ক’লে যে ঐৰাৱতে তাতে পেলাই দিলে সিহঁত চূৰমাৰ হব৷ বুঢ়া আটাইবিলাক মানুহৰ আগত আছিল৷ বুঢ়াই নেগুৰৰ পৰা দুয়োখন হাত এৰুৱাই “তালৈকে ইমান শকত মূলা খুৱাইছিলোঁ নেকি?’’ এই বুলি কৈ মূলাৰ জোখ হাতেৰে দেখুৱাব খোজোঁতেই মানুহবিলাক ওপৰৰ পৰা গিৰ্ গিৰ্ কৰে সৰি পৰিল৷ এতেকে,— পৰৰ অনুগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰা, to be dependent on the favour of another.
নেগুৰ কটা শিয়াল,— বিং, নেগুৰ কাটি দিলে শিয়াল অতিপাত দুষ্ট হয়, এতেকে,— অঘাইটং মানুহ, a too cunning person.
নেদেখা জনা,— বিং, মানুহে যাক নেদেখে সেইজনা পুৰুষ, ঈশ্বৰ, i.e. God.