পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নিমাতী
নিলাজী
১৬০

innocent of all.

নিমাতী কন্যা— বিং, (উপকথা) কোনো এজনী ৰাজকন্যাই প্ৰতিজ্ঞা কৰিছিল যে, তেওঁ মুখেৰে নমতাকৈ থাকিব, আৰু যিজন পুৰুযে তেওঁৰ মুখৰ মাত উলিয়াব পাৰিব, তেওঁকে তেওঁ পতি-স্বৰূপে বৰণ কৰিব। এতেকে,—বৰকৈ মাত-বোল নকৰা গহীন ছোৱালী, a girl who talks too little.

নিমূৰমুৰীয়া হোৱা—ক্ৰি, পৰিয়ালৰ ভিতৰত মূৰ অৰ্থাৎ(জন) মানুহ নাইকিয়া হৈ থকা (অকল) মূৰৰ মানুহ হোৱা, পৰিয়ালৰ অন্যান্য মানুহ মৰি-হজি অন্ত হৈ অকলশৰীয়া হোৱা, to be left the solitary figure in the family after the death fall the other member.

নিলগতে চেই চেই কৰ—ক্ৰি, কুকুৰ অশুচি জন্তু। সি আহিব খুজিলে নিলগতে তাক ‘চেই চেই' বুলি খেদি দিয়া হয়। এতেকে,— অতিকৈ ঘিণ কৰা, to look at scorn full, to despise.

নিলগৰ ঢৌ নিলগতে মাৰ নিওৱা— ক্ৰি, ঢৌ নিলগৰ পৰা বাগৰি আহে কিন্তু ওচৰ নৌ পাওঁতেই মাৰ গলে নাওৰ একো হানি নহয়। এতেকে,— বিপদ দূৰতে ব্যাহত কৰা, বিপদ ওচৰলৈ চাপিবলৈ নিদিয়া, to avert a far-off danger.

নিলগৰ পৰ্ব্বত শুৱনী দেখা— ক্ৰি, নিলগৰপৰা চালে পৰ্ব্বত শুৱনী দেখা যায়, কিন্তু ওচৰ পালে গৈ পৰ্ব্বতৰ খাল-বামবিলাক ওলাই পৰে আৰু তেতেয়া তাক নীল বৰণীয়া নেদেখি। সেইৰূপে, নিলগৰপৰা মানুহকো সুখী দেখা যায়, কিন্তু ওচৰৰপৰা চালে তেওঁৰ কি দুখ আছে, তাক জানিব পাৰি। এতেকে,-- আভ্যন্তৰিক অৱস্থা নাজানি মানুহক বাহিৰৰ পৰা সুখী দেখা, to take a person to be happy by seeing him from a distance and not being able to know his real condition.

নিলাজী বনৰ নিচিনাকৈ জঁয়-পৰা—ক্ৰি, নিলাজী বন চুলেই জঁয় পৰে। তাৰ লাজ ইমান বেছি যে ছোৱা মাত্ৰকতে সি সোট-মোচ খাই যায়, এই ভাব বুজোৱা হৈছে। এতেকে,— অতিৰিক্ত লাজৰ ভাব প্ৰকাশ কৰা, to be overcome with bashfulness.