সমললৈ যাওক

পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নাই
নাও
১৫৫

of an evil if it is thought not to be an evil at all.

নাই বুলিলেও হাতীৰ পেটত একলহ পানী থকা,—ক্ৰি, হাতীৰ যেতিয়া গৰম উঠে, তেতিয়া সি শুঁৰেৰে পেটৰপৰা পানী উলিয়াই গালৈ ছটিয়াই গা জুৰ কৰে৷ তাৰ পেটত সদায় পানী থাকে৷ এই স্থলত কোৱা হৈছে যে, তাৰ পেটত নাই বুলিলেও একলহ পানী থাকে৷ ডাঙৰ মানুহক হাতীৰে তুলনা কৰা হৈছে৷ এতেকে,— ডাঙৰ মানুহৰ যেই সেই বস্তু সদায় যথেষ্ট পৰিমাণে থকা৷ ডাঙৰ মানুহৰ কোনো বিষয়ে কোনোফালে সৰ্ব্বশূন্য নোহোৱা, the stopping of a great man short of absolute destitution in any matter at at any time.

নাই ৰঙ্গামাটি নাই গুৱাহাটী বুলি,—ক্ৰি,-বিণ, আগৰ দিনত যাতায়াতৰ সুবিধা নথকাত ৰঙ্গামাটি আৰু গুৱাহাটী দূৰণীয়া বাট আছিল। কোনো দূৰণীয়া বাটলৈ যাবলৈ হলে মানুহে কৈছিল—“নাই ৰঙ্গামাটী নাই গুৱাহাটী” অৰ্থাৎ “দেশ এৰি যলৈ হয় তলৈ যাম।” এতেকে,—প্ৰাণৰ মমতা এৰি অৰ্থাৎ প্ৰাণ-টাঁকি, desperately.

নাইত হাত দিয়া—ক্ৰি, ’নাই’ শব্দৰ ওপৰত খেল কৈছে। এক অৰ্থ, অভাৱ বুজোৱা অব্যয়। আন অৰ্থ, নাভি। কোনো প্ৰশ্ন কৰিলে ‘নাই’ ‘নাই কৰা’ ’নাই হো’ ইত্যাদি উত্তৰ দিলে ‘নাইত হাত দিয়ে’ বুলি কোৱা হয়। এতেকে,—নাই শব্দত হাত দিয়া অৰ্থাৎ নাই বুলি কোৱা, to give a negative reply.

নাইকিয়াৰ মাক,—বিং, অসমীয়া মানুহে ঘৈণীয়েকক নাম কাঢ়ি নামাতি ল’ৰাৰ নামেৰে ’অমুকাৰ মাক’ বুলি মাতে। বি জনা ঘৈণীৰ লৰা নাই, তেওঁক কাজেই ’নাইকিয়াৰ মাক’ বুলিব লাগে। এতেকে,— নিঃসন্তান ঘৈণী৷ a childless wife.

নাও বুৰি তলি পালেও টিঙ্গৰ পৰা ননমা—ক্ৰি, গুৰিয়ালে নাওৰ টিঙ্গৰ ওপৰত উঠি গুৰি পোনায়৷ গুৰিয়ালৰ মান বেচি, আৰু সি টিঙ্গত বহি নাৱৰীয়াক হুকুম দিয়ে৷ নাওৰ টিং ওখ৷ মানী মানুহে উচ্চাসনত বহে, এনে ভাৱ বুজোৱা হৈছে৷ এই স্থলত কোৱা হৈছে যে, গুৰিয়ালৰ অহঙ্কাৰ ইমান বেচি, নাও বুৰি নৈৰ তলি পালেও সি টিঙ্গৰ পৰা নানামে৷ এতেকে,— সৰ্ব্বস্বান্ত হলেও অহঙ্কাৰ নেৰা, not to give