পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নলগা
নাই
১৫৪

তেতিয়া তাৰ মূলৰপৰা গজালি ওলায়। এতেকে,—-মানুহ বুঢ়া হৈ মৰি সিহঁতৰ পো-পোৱালিৰ জন্ম হৈ সিহঁতৰ ঠাই অধিকাৰ কৰা , the filling of gaps created by the death of old people by their sons.

নলগা জেঙ্গাত লগা—ক্ৰি, (জেঙ্গা = লেঠা। নলগা =য’ত লাগিব নালাগে তেনেকুৱা। ) যি লেঠাত ব্যাপৃত হব নালাগে তেনে লেঠাত ব্যাপৃত হোৱা, to engage in a matter with which one should have nothing to do, to interfere unnecessarily.

নলে-গলে লগা— বিং, নল অৰ্থাৎ ডিঙ্গিৰ নলি আৰু গল অৰ্থাৎ ডিঙ্গি এই দুটাৰ দৰে লগালগি বা প্ৰিয়তম বন্ধু, dearest friend.

নষ্ট যোৱা—বি, দুষ্কাৰ্য্য কৰিলে ফল স্বৰূপে মানুহ নষ্ট হয়। এতেক,—-দুষ্কৰ্ম্মা (গালিৰ মাত। ) wicked, unrighteous (a term of abuse).

নহবলৈ হোৱা—ক্ৰি, [ আনৰ নহবলৈ হোৱা ] অন্যান্য মানুহৰ কাৰো কতো. তেনেকুৱা নহব এইভাৱে হোৱা, অসদৃশভাৱে হোৱা, অসাধাৰণ ভাৱে হোৱা, অতুলণীয়ভাবে হোৱা, to take place in an extra-ordinary, unusual, incomparable, excellent manner.

নাই তই নাই মই বুলি লগা—–ক্ৰি,, [হয় মই, নাই তই, হয় তই, নাই মই ] দুটাৰ ভিতৰৰ এটা মৰিব এটা জীব এই বুলি যুঁজ লগা , to engage in a deadly dual.

নাই নুই কৰা—ক্ৰি, [ নাই নহয় কৰা] আসৈ মতা, to deny.

নাই নৌ কাটোঁতেই ঘোৰোচ কৰা—ক্ৰি, গৰুৰ পোৱালি জগা মাত্ৰকতে, নাই নৌ কাটিবলৈ পাওঁতেই কঁৰীয়া পাতি ঘোৰোচ-ঘোৰোচ করে খীৰাবলৈ যায় বোলা হৈছে। এতেকে,— কোনো কাৰৰ ফল ভোগ কৰিবৰ নিমিত্তে অধৈৰ্য্য হোৱা, to be impatient to enjoy a thing before the preliminaries necessary to give effect to possession are completed.

নাই বুলিলে সাপতো বিষ নোহোৱা— ক্ৰি সাপে ডাকিলে যদি নাই ডকা বুলি মনতে ভাবি লোৱা যায়, তেনেহলে বিষ নাইকিয়ায হয় বুলি মানুহে কয়। এতেকে,--নামানিলে একো নোহোৱা, the coming to nothing