পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
থেকেচ-নেকেচ
থেন-থেন
১৩৬


কন্যাকালৰ সময় হোৱাতো কন্যাকাল নোহোৱা তিৰোতা; অকাৰ্য্যভাগী তিৰোতা, a woman of arrested development; a woman not subject to menstruation; an accomplished woman.

থেকেচ-নেকেচ কৰা--ক্ৰি, কোনো বস্তু অনাদৃত হলে থেকেচ-কৰে পেলাই দিয়ে। ( ’নেকেচ’ অনুকাৰ শব্দ ) এতেকে,—অনাদৰ কৰা, to alight, to treat with intentional neglect or superci- liouness.

থেকেচি পেলোৱা—ক্ৰি, [ মুখ মাটিত থেকেচি পেলোৱা] উগ্ৰ দণ্ড দিয়া, to punish severely.

থেকেৰা ঠহা দিয়া—ক্ৰি, থেকেৰা বৰকৈ ঠাহি লোণ সানি ৰদত শুকাই থোৱা হয়। এতেকে,—কথাৰে কোনো মানুহক বৰকৈ ঠাহি পেলোৱা অৰ্থাৎ অতিকৈ গালি-শপনি পৰা, to reproach vilely.

থেকেৰা ফুল—-বিং. থেকেৰাৰ ফুল নাই, কিন্তু প্ৰবাদ আছে যে থেকেৰা ফুল ৰাতিৰ ভিতৰতে ফুলে, ৰাতিৰ ভিতৰতে সৰে. কোনেও তাক দেখা নাপায়। এতেকে,--কোনেও বুজ নোপোৱাকৈ গুপ্তভাৱে কৰা কাৰ্য্য, a secret act.

থেন-থেন মেন-মেন—বিং, [ 'থেন-মেন’ পদং দ্বিত্ব] ‘থেন-মেন’ পদ 'থান-বান’ পদৰ অপ-ভ্ৰংশ। কোনো বস্তু ভাগিলে টুকুৰাবিলাক থান-বান হৈ যায় অৰ্থাৎ ঠায়ে ঠায়ে উফৰি পৰে। এই স্থলত কোৱা হৈছে যে প্ৰকৃত ৰোগ নাই কিন্তু গাটো ভগা-ছিগাৰ নিচিনা অনুভৱ হৈ থাকে। এতেকে,—সামান্য শাৰীৰিক বিকাৰ, slight indisposition.