পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
থল
থুপৰী
১৩৫

থ।


থল গৰকা—ক্ৰি, থল (স্থল) গৰকিলে বহে। এই স্থলত কোনো থলৰ মানুহক গৰকা বুজোৱা হৈছে। এতেকে,—কোনো ঠাইৰ মানুহবিলাকক কিছুকাল থাকি বহুওৱা অৰ্থাৎ বশ কৰা, to establish one's reputation in a place by riding in it for some time.

থান-থিত নোহোৱা—বিণ, [ স্থান-স্থিতি নোহোৱা ] লৰি ফুৰা অৰ্থাৎ ঘৰ-বাৰী নোহোৱা দুখীয়া, vagabond, indigent,

থালি ভগা জুইয়ে খেদা—ক্ৰি, কুঁহিয়াৰৰ ৰহিৰ থালি ভাগিলে থালি-গীতৰ জুইয়ে সন্মুখত যাকে পায় তাকে ভস্মীভূত কৰে। এতেকে,—পিচে পিচে নেৰা-নেপেৰাকৈ খেদি যোৱা, অনবৰত দ্ৰোহ আচৰা, to pursue relentlessly, to continue to act hostilely.

থিয়-কাণ—বিং, হাবিত জন্তুৱে খিৰিক-খাৰাক শব্দ হলে কাণ থিয় কৰি শুনে। এতেকে,—সজাগ, সাৱধান, wakeful, vigilant.

থিয় গোৰ—বিং, থিয় হৈ মৰা গোৰ, টান গোৰ, a severe kick.

থিয়ৈ থিয়ৈ স্বৰ্গলৈ যোৱা—ক্ৰি, অতি পুণ্যাত্মা মানুহে পূৰ্ব্বকালত থিয় হৈ থকা অৱস্থাৰে স্বৰ্গলৈ গৈছিল বুলি কয়। এতেকে,—স্ব-শৰীৰে স্বৰ্গলৈ যোৱা; ধৰ্ম্মজীৱন ধাৰণ কৰা, to ascend the heaven in flesh and blood; to lead a saintly life.

থিয়ৈ মৰা— ক্ৰি, থিয় অবস্থাতে বা তৎক্ষণাৎ মৰা অৰ্থাৎ নভবা-নিচিন্তা ডাঙ্গৰ বিপদত পৰি মৰাপ্ৰায় হোৱা , to be ruined by falling in to an unforeseen danger.

থুকুচি পেলোৱা—ক্ৰি, কোনো বস্তু গড়ত থৈ থুকুচ-থুকুচ-কৰে দাৰে কাটি পেলোৱা হয়। এই স্থলত ককৰ্থনাৰ দ্বাৰা থুকুচি পেলোৱা বুজোৱা হৈছে। এতেকে,—ককৰ্থনাৰ দ্বাৰা কাটি পেলোৱাৰ তুল্য কৰা অৰ্থাৎ বৰকৈ ককৰ্থনা কৰা, to scold sharply.

থুপৰী তিৰোতা— বিং , থুপৰী=(থোপোৰা+ঈ, স্ত্ৰীলিঙ্গ। ) জন্মগত আসোঁৱাহ থকাত কোনো তিৰোতাই থোপোৰা লাগি থাকে। কন্যাকালৰ সময় হোৱাতো তেনে তিৰোতাৰ কন্যাকাল নহয় আৰু তেওঁ গৃহস্থালী কাৰ্য্যতো অকামিলা হয়। এতেকে,—বাঢ়িব নোৱৰা কঁটিয়া তিৰোতা