পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ডাল
ডুখৰী
১২৩


in the primitive style, to follow an antiquated custom.

ডাল চোৰ—বিং, ডালে ডালে নিয়ে অৰ্থাৎ কোনো বস্তু সৰু-সুৰাকৈ কাটি শুকুৱাই নিনি গোটে গোটে চুৰ কৰি নিয়ে বোলা হৈছে। এতেকে,— ডাঙ্গৰ চোৰ, a notorious thief.

ডাল জোৰা দিয়া—ক্ৰি, মূল গছৰ লগত ডাল জোৰা দিয়া অৰ্থাৎ মুল কথাৰ লগত অমূলক কথা যোগ দিয়া, বঢ়াই কথা কোৱা to exaggarate.

ডাল দৰিদ্ৰ মানুহ-—বিং, [ ডাল-ডলীয়া দৰিদ্ৰ মানুহ ] ঘৰৰ বেৰ ডাল-ডলীয় অৰ্থাৎ সমূলি সেৰেঙ্গা, এই ভাব বুজোৱা হৈছে। এতেকে,— নিঃকিন মানুহ, a destitute person.

ডিঙ্গিত ধৰি কন্দা—ক্ৰি, আত্মীয়-স্বজনে বিপদগ্ৰস্ত মানুহৰ ডিঙ্গিত ধৰি কান্দে। এতেকে, বিপদত সহানুভূতি প্ৰকাশ কৰা, to make a passionate display of sympathy.

ডিঙ্গি পাতি থোৱা—ক্ৰি, বধ কৰিবৰ নিমিত্তে ডিঙ্গিত অস্ত্ৰাঘাত কৰা হয়। এই স্থলত, ইচ্ছাপূৰ্ব্বক ডিঙ্গি কাটিবলৈ পাতি থয় বোলা হৈছে। এতেকে,--মহৎ অপকাৰৰ নিমিত্তে সাজু হৈ থকা, to be prepared for the worst.

ডিঙ্গিৰ হাড়মাল—বিং, কুকুৰে হাড় চোবাওঁতে কেতিয়াবা হাড় ডিঙ্গিৰ ভিতৰৰ নেলুত লাগি ধৰে। হাড় ডাল সি এৰুৱাৱ নোৱাৰে, গিলিবও নোৱাৰে। এনে অৱস্থাত কুকুৰে ফুৰে। (হাড় মাল = হাড়ৰ মাৰ অৰ্থাৎ হাড় লাগি ধৰা মাৰাত্মক ব্যাপাৰ। ) এতেকে,— যাক এৰিবও পৰা নাযায় ধৰিবও পৰা নাযায় তেনে কাৰ্য্য বা মানুহ, যাৰপৰা বৰকৈ আহুকাল পোৱা যায় তেনে কাৰ্য্য বা মানুহ a thing which cannot be got rid of though annoying.

ডুখৰী পিৰাৰ মাৰ—বিং, [ ডুখৰীয়া পিৰাৰ মাৰ ] ডুখৰীয়া অৰ্থাৎ ভগা পিৰাৰে কৰা প্ৰহাৰ বুজায়। ভগা পিৰাত ইতৰ মানুহ বহে, ভগা পিৰাৰে মৰিয়ালে বেচিকৈ দুখ পায়, আৰু আন অস্ত্ৰ বিচাৰিলে বেলি হয় বাবে বহি থকা পিৰাৰেই মৰিওৱা হয়, এই বাক্যত এই তিনিও ভাব জড়িত আছে। এতেকে,—ঢুকি পোৱাতে থকা যেই সেই নিন্দনীয় অস্ত্ৰৰ দ্বাৰা গুৰু প্ৰহাৰ, a heavy assault by means of any-