পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ডবা
ডাল
১২২


ডবা কোবোৱা—ক্ৰি, ডবাক মানুহেৰে ৰিজোৱা হৈছে। ডবাৰ ছাল=মানুহৰ পিঠি। ডবাৰ মাৰি=মানুহক কোবোৱা এছাৰি। এতেকে,— ডবাক যি-ৰূপে কোবায় সেই-ৰূপে কোবোৱা, বৰকৈ মাৰ-কিল কৰা, to beat severely.

ডলাৰ বগৰি—বিং, ডলাৰ বগৰি একে ঠাইতে নাথাকে। ডলাখন অলপ লৰিলেই বগৰিবিলাক যেনিয়ে তেনিয়ে বাগৰি ফুৰে। এতেকে,— বাগৰি ফুৰা অৰ্থাৎ ঘনাই ঠাই সলাই ফুৰা মানুহ, one who very often changes residence.

ডলুৱা ভূত—বিং, গছৰ ডালত থকা ভূত, হাবিত থকা ডাঙ্গৰ ভূত। ভূত বৰ খকুৱা। তাৰপৰা :-- খকুৱা মানুহ, a terrilble ghost. hence a glutton.

ডাং-কটা চোৰ— বিং, ৰাতি ঘৰৰ দুৱাৰত ডাং দি থোৱা হয়। ডাঙ্গৰ চোৰে ডাং কাটি ভিতৰলৈ সোমাই বস্তু চুৰ কৰিবলৈ যায়। এতেকে,-- ডাঙ্গৰ চোৰ, a notorious thief.

ডাং কোবোৱা—বিণ, গৰু-গাই আদি নোসোমাবৰ নিমিত্তে ঠাইয়ে ঠাইয়ে ডাং দিয়া থাকে। কোনো মানুহে ডাঙ্গৰ ওপৰে দি পাৰ হবলৈ হলে কাপোৰ- কানি দাঙ্গি লব লাগে। এই স্থলত কোৱা হৈছে, যে কাপোৰ কানিয়ে ডাং কোবাই যায় অৰ্থাৎ ডাঙ্গত লাগি চুচৰি যায়। এতেকে,— উচ্ছৃঙ্খল, ( মানুহত খাটে) disorderly, irregular (applied to man).

ডাবিত সুৰাসুৰ নাগ কঁপোৱা—ক্ৰি , এনেৰূপে ডবিওৱা হয় বোলা গৈছে যে সুৰ, অসুৰ আৰু নাগ অৰ্থাৎ ত্ৰিভুৱনবাসী সকলোৱে ভয়ত কঁপি যায়। এতেকে,--অতিপাত ডবিওৱা, to abuse grossly, to rebuke sternly.

ডাল কোবোৱা—ক্ৰি, বান্দৰে ডালত ওলমি সেই ডাল এৰি আন ডাললৈ গলে এৰি দিয়া ডালটো কোব মাৰি ওপৰলৈ যায়। বান্দৰে এই ৰূপে অতিজৰেপৰা ডালে ডালে বগাই ফুৰে। সি আজিলৈকে ঘৰ নাসাজি পূৰ্ব্বৰ ৰীতি অনুযায়ী চলি আছে। এই স্থলত পূৰ্ব্বৰ ৰীতি মতে চলা মানুহক বান্দৰেৰে তুলনা কৰা হৈছে। এতেকে,—আদিম অৱস্থাৰে কালযাপন কৰা, অতীজৰ ৰীতি অনুযায়ী চলা, to live