পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
টুকুৰিয়াই
টেকেলি
১১৬

উৰাই দিয়া যায় অৰ্থাৎ তাৰ অস্তিত্বকে নামানে। টেলাই নকৰা বুজাবলৈ মানুহে টিলিকি মাৰি কথা কয়। এতেকে,— সমুলি টেলাই নকৰা, to show utter disregard of any one.

টুকুৰিয়াই চোৱা—-ক্ৰি, কোনো বস্তু টুকুৰিয়াই চালে সি ফোঁপোলা নে শাহ-থকা বুজিব পাৰি। এতেকে,—উমান লোৱা, গঢ়-গতি বুজা, to sound one's mind.

টুটকীয়া নহলে গাঁও নবহা—ক্ৰি, নতুনকৈ কোনো এঠাইত গাঁও বহাবলৈ হলে টুটকীয়া মানুহ গৈ নানা প্ৰকাৰ কথা লগাই আন গাওঁৰপৰা মানুহ ভঙ্গাই আনে। এতেকে,--সকলো কাৰ্য্যতে টুটকীয়া মানুহৰ আৱশ্যকতা থকা, the turning out of a slanderer to be useful in some way in any affair.

টুটকীয়া নাৰদ--বি, নাৰদৰ দৰে টুটকীয়া কথা কোৱা মানুহ, লগনীয়া মানুহ, a slanderer, a backbiter.

টুপাই বুৰ মৰা—ক্ৰি, বুৰ মাৰোঁতে টুপং কৰে শব্দ হয়। বুৰ মাৰিলে মানুহটো তৎক্ষণাৎ লুকাই যায়, পানীৰ তলে তলে সি কেনি যায় কোনেও তত ধৰিব নোৱাৰে। এতেকে,—থিতাতে গা লুকুওৱা, কোনো এটা কাৰ্য্য কৰি গা নেদেখুৱাই সুৰুক-কৰে আঁতৰি যোৱা, to escape after doing a thing without showing one's hand, to disown authorship of an action after having done it, to dis- appear suddenly.

টেই-টুকি দিয়া—ক্ৰি, [ টাৰি টুকি দিয়া ] তেলৰ টাৰি টুকি দিয়ে অৰ্থাৎ টাৰিত তেলৰ শেষ নোহোৱাকৈ তেনেই দিয়ে বোলা হৈছে। এতেকে,— বাকি নোহোৱাকৈ দিয়া, তেনেইে দিয়া, to give away wholly and completely.

টেক-টেকী বাই—বিং, টেক্-টেক্ কৰে কথা কৈ থকা অৰ্থাৎ প্ৰগলভা তিৰোতা, a noisy woman.

টেকাম-টেকামকৈ খোৱা—ক্ৰি, খাওঁতে জিবা অধিককৈ লৰচৰ কৰিলে টেকাম- টেকাম শব্দ হয়। এতেকে,—তৃপ্তিৰে খোৱা, (ব্যঙ্গাৰ্থত ব্যৱহৃত হয়। ) to eat with a gusto (used ironically).

টেকেলি দিয়া—বিং, বিয়াত দৰালি ঘৰীয়া মানুহে কন্যা নোৱাবৰ নিমিত্তে