খং উঠিলে মানুহ উঠে আৰু যুঁজৰ নিমিত্তে সাজু হয়। এতেকে,—ক্ৰোধত উগ্ৰমুৰ্ত্তি ধৰা, to be furiously excited.
টিকনিৰ আগত খং উঠা—ক্ৰি, খং উঠিলে তেজ মূৰলৈ উঠে। এই স্থলত কোৱা হৈছে যে তেজ ইমান ওপৰলৈ উঠিছে, যে সি গৈ টিকনিৰ আগ পায়গৈ। এতেকে,— অতিকৈ খং উঠা; to lot highly excited with anger.
টিকা ভগা—ক্ৰি, গাইগৰুৰ পোৱালি জগাৰ পৰ্ব্বতে দুই টিকাত অলপ খোল পৰে৷ এতেকে,— গাইগৰুৰ পোৱালি জগাৰ সময় উপস্থিত হোৱা; to coming of the time of delivery of a cow.
টিকাত গুৰিয়ালেও খাবলৈ নেৰা—ক্ৰি, উপদেয় বস্তু খাবলৈ বহিলে, কোনো মানুহে যদি টিকত গুৰিয়াই খাবলৈ হাক দিয়ে, তথাপি খাবলৈ নেৰা। এতেকে,— কোনো উপাদেয় বস্তু খাবলৈ হাক দিলেও নাখাই থাকিব নোৱৰা, not to cease eating a delicacy at any cost.
টিকা চাপৰ মৰা—ক্ৰি, ঢোলৰ অভাৱত টিকাত চাপৰ মৰা অৰ্থাৎ আনন্দত মতলীয়া হোৱা, to be transported with joy.
টিকাৰ ছাল ছেলিলেও কথা নেৰা—ক্ৰি, কোনো মানুহক ধৰি চোচোৰাই টানি নিলে তাৰ টিকাৰ ছাল ছেলি যায়। এই স্থলত কোৱা হৈছে যে তেনে কৰাতো নিজৰ কথা নেৰে। এতেকে,—গাৰ বলেৰে ধৰিলেও কথা নেৰা, আঁকোৰ-গোজালিকৈ নিজৰ মততে ধৰি থকা, to adhere to one's opinion dogmatically at any cost.
টিকা-ফটা ৰ’দ— বিং, (টিকা=বৰি মাটি, ওখ ঠাই। ) টান ৰ’দত টিকা চিৰচিৰে ফাটে। এতেকে,— টান ৰ’দ, scorching sunshine.
টিঙ্গনা নাৱত ওপৰ-ভৰা হোৱা—ক্ৰি, টিঙ্গনা নাওত ওপৰ-ভৰা হলে সি কাতি হৈ বুৰি যায়। এতেকে,—যিমান চম্ভালিব পৰা যায় কোনো কাৰ্য্যৰ ভাৰ তাতকৈ অধিক হোৱা, to be over burdened.
টিঙ্গিৰি তুলা হোৱা—ক্ৰি, (টিঙ্গিৰি তুলা = টিঙ্গিৰি মৰা মাত্ৰেই খপ কৰে জ্বলি উঠা তুলা। ) আগৰ দিনত টিঙ্গিৰি মাৰি তুলাৰে জুই ধৰি ৰখা হৈছিল। এতেকে,—কপ-কৰে খঙ্গত জ্বলি উঠা, হঠাৎ অগ্নি-মূৰ্ত্তি ধাৰণ কৰা, to be suddenly excited with anger.
টিলিকিতে উৰাই দিয়া—ক্ৰি, কোনো মানুহক একেবাৰে গণিতা নকৰিলে আৰু