ive but yet exercises peculiar fascination over its
subject.
জলত দিয়া থলত দিয়া— ক্ৰি, জলত জলশাই ডাঙ্গৰীয়া, থলত থলশাই ডাঙ্গৰীয়াৰ নামে উছৰ্গি দি হয় অৰ্থাৎ জলে থলে সকলো ঠাইতে দান কৰা হয়। এতেকে,—অ’ত তত দান কৰা, ইটো সিটো কৰি বহু মানুহক দিয়া, to spend money in diverse petty ways.
জলাহ-যমুনা হোৱা—ক্ৰি, জলাহ—জলাশয়, যমুনা—ডাঙ্গৰ জলাশয়। চাৰিও পোনে পানীৰে উপচি পৰ, to be over-loaded all around.
জহনিৰ বুকুত যোৱা —'বিণ, জহনিক ৰাক্ষসীৰে তুলনা কৰা হৈছে৷ সেই ৰাক্ষসীয়ে যাক বুকুলৈ চপাই লয়, সি তৎক্ষণাৎ যহনী ৰোগত মৰে৷ এতেকে,—মৰিবলৈ যোৱা, যাৰ গাত মৃত্যুৰ লক্ষণ দেখা পোৱা যায়, তেনেকুৱা মৃত্যুগামী, (গালিৰ মাত) worthy of destruction (a term of abuse)
জাক ফুৰা— ক্ৰি, [জাকত ফুৰা] সঙ্গমৰ নিমিত্তে জাকত ফুৰি ফুৰা। (গৰুত খাটে, মতা আৰু মাইকী উভয়তে। ) to walk in company to satisfy sexual craving (applied to cattle).
জাকত জিলিকা— বিণ, শুৱনী গৰু যাওঁতে জাকত জিলিকি যায়। এতেকে,— শুৱনী, conspicuous, beautful.
জাকৈয়া ছোৱালী—বিং, জাকৈ বাই মাছ ধৰা ছোৱালী অৰ্থাৎ বাহিৰত ওলাই ফুৰা গাৱলীয়া ছোৱালী, a country girl.
জাত এৰা—বিণ, কোনো শস্যে যদি নিজৰ জাত এৰে, তেনেহলে ক্ৰমশঃ তাৰ আকাৰ সৰু হয়, আৰু গুণ লোপ পায়। এতেকে,—চেফেৰা, degenerate.
জাত চাই কঠিয়া—বিং, বেয়া জাতৰ কঠিয়া হলে ধান বেয়া হয়; আৰু ভাল জাতৰ কঠিয়া হলে ধান ভাল হয়। এতেকে,— বাপেক মাক চাই লৰা- ছোৱালী, children resemblig their parents.
জাতি চন্দন—বিং, জাতি চন্দন অতি জুৰ। এতেকে,—অতি জুৰ মানুহ, a very meek and mild person.
জান-নাজান—বিণ, [জানি-নাজানি] কেতিযাবা জানি আৰু কেতিয়াবা নাজানি এনেকুৱা অৰ্থাৎ অতি ক্ষুদ্ৰ , ভালকৈ মণিব নোৱৰা, কম, too minute