পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জয়-জয়
জলকীয়াৰ
১০৫

জয়-জয় ময়-ময়—বিং, [ জয়ময় জয়ময় ] ‘ময়’ সংস্কৃত তদ্ধিত প্ৰত্যয়। ’জয়ময়’ শব্দে ’জয়-পৰিপূৰ্ণ’ অৰ্থাৎ চাৰি ফালে জয়, এনে ভাব বুজায়। এতেকে,—সৰ্ব্বাঙ্গীন মঙ্গল, triumph all round.

জয়-পাতে ক্ষয়—বিং, [জয়মাত্ৰে ক্ষয়] জয় হোৱা মাত্ৰে ক্ষয় অৰ্থাৎ উন্নতিৰ অব্যৰহিত পাচতে অৱনতি , fall immediately after triumph.

জয়ে জয়ে—ক্ৰি-বিণ, জয় উচ্চাৰণ কৰি কোনো কাৰ্য্য আৰম্ভ কৰা হয়। এতেকে,—সৰ্ব্ব-প্ৰথমে, at the very outset.

জয়-ঢোল কোবোৱা—ক্ৰি, পূৰ্ব্ব কালত ৰণত জয় হলে জয়-ঢোল কোবোৱা ৰীতি আছিল। এতেকে,—অতি আনন্দিত হোৱা, to be jubilant.

জয় ৰাম বোলা, জয় হৰি বোলা—ক্ৰি , সবাহত “জয় ৰাম বোলা, জয় হৰি বোলা” এই বুলি নাম শেষ কৰা হয়। এতেকে,—কোনো কাৰ্য্য শেষ কৰা, to come to the end of anything.

জৰাসন্ধ দেৱতাই লম্ভা—ক্ৰি, জৰাসন্ধ পৰাক্ৰমী অসুৰ ৰজা আছিল। জ্বৰকো এটা অসুৰ বা অপদেৱতাৰ কাৰ্য্য বুলি চহা মানুহে ভাবে। জ্বৰৰ অসুৰৰ নাম, উচ্চাৰণৰ মিল ৰাখি, ‘জৰাসন্ধ’ দিয়া হৈছে। এতেকে,— জ্বৰ-ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা, to have an attack of fever.

জৰী বৰকৈ টানিলে ছিগি যোৱা—ক্ৰি, জৰী অলপ চুটি থাকিলে টানিলে ওলায়, আৰু এইদৰে টানি গাঁথি দিলে হে বান্ধ কটকটীয়া হয়। কিন্তু যদি জৰী বৰকৈ অৰ্থাৎ অতিৰিক্তভাৱে টনা হয়, তেনেহলে সি ছিগি যায়। এতেকে,—কোনো কাৰ্য্য অতিৰিক্তভাৱে কটকটীয়া কৰিবলৈ গৈ তাক সমূলি ভ্ৰষ্ট কৰা, to spoil the whole thing in an attempt to make it better than the best.

জল-জল পট পট—বিণ, [ জলজলীয়া ফটফটীয়া ] জলজলীয়া আৰু ফটফটীয়া বস্তু সকলোৱে নিলগৰেপৰা দেখা পায়। এতেকে,—জনাজাত, প্ৰখ্যাত, conspicuous, distinguished.

জলকীয়াৰ জালকেই সোৱাদ পোৱা—ক্ৰি, জলকীয়াই যদিও পোড়ে, তথাপি মানুহে সোৱাদ বস্তু যিৰূপে ব্যৱহাৰ কৰে তাকো সেইৰূপে হেঁপাহেৰে ব্যৱহাৰ কৰে। এতেকে,—বাহিৰে দেখাত অসুবিধাজনক কাৰ্য্যত তাৰ কোনো এটা মোহিনী শক্তিৰ দ্বাৰা আকৃষ্ট হৈ লিপ্ত হোৱা, to be associated with anything that is apparently repuls-