পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চোৰ চাং
ছাঁটোকে
১০১

নিলে তাৰ নিমিত্তে সি বেলেগে ভাবন-চিন্তা কৰিব নালাগে। বাহিৰত ফুৰি ফুৰা মানুহে ভাত-পানী খোৱাৰ দিহাও বাহিৰতে কৰে ভাত খাবৰ নিমিত্তে নিজ ঘৰলৈ আহিবৰ আৱশ্যকতা নাই। দুষ্ট মানুহৰ ঘৰলৈ আহিবৰ আৱশ্যকতা নাই, আনকি ভাত খাবৰ নিমিত্তেও আহিব নালাগে। ‘চোৰে নিয়া’ কথাৰ দ্বাৰা বুজোৱা হৈছে, যে সেই মানুহটোক লোকে এই দৰে লৈ যায়, অৰ্থাৎ কোনো বেয়া মতলব দেখুৱাই তাক লৈ যায়। এতেকে,—দুষ্ট মানুহে খোৱা-লোৱাৰ ব্যৱস্থা সুবিধা বুজি যতে ততে কৰি ফুৰা, the finding of his necessities in any place where he happens to be for the time being by a wicked person who has been tempted away from his house.

চোৰ-চাং—বিং, যাতে চোৰে সহজে কোনো বস্তু চুৰ কৰি নিব নোৱাৰে সেই- মতে ঘৰৰ চালৰ অলপ নামতে পতা বস্তু-থোৱা চাং, a high plat- form for safe custody of property.

চোৰাত মেলা—ক্ৰি, গাত বিছা আদি মেলি দিলে সি যতে বগায় ততে গা বিজ-বিজায়। আগৰ দিনত দণ্ড-স্বৰূপে মানুহৰ গাত চোৰাতেৰে কোবোৱা হৈছিল। যতে চোৰাত লাগে, ততে গা বিজ-বিজায়। এতেকে,—চোৰাতৰ ঠালেৰে গোটেই গাতে উধাই-মুধাই কোবোৱা অৰ্থাৎ বৰকৈ যন্ত্ৰণা দিয়া, to torture.

ছ।

ছাঁ চাই নচা—ক্ৰি, সৰু লৰাই ৰাতি চাকিৰ পোহৰত বেৰত নিজৰ গাটোৰ ছাঁ দেখি হাত-ভৰি জোকাৰি নচাৰ দৰে কৰে। এতেকে,—কাল্পনিক বস্তুক সত্য অনুমান কৰি ল'ৰাৰ দৰে অঙ্গিভঙ্গি কৰা, মিছা অনুমানৰ ওপৰত কাৰ্য্য কৰা, to dance at a shadow like a child i.e. to act on a false assumption.

ছাঁটোকে বাঘটো দেখা—ক্ৰি, ভয়াতুৰ মানুহে ৰাতি কোনো বস্তুৰ ছাঁটো দেখি তাকে