পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চোৰক
চোৰে
১০০

থোৱা স্বত্বেও, সকলো পাহৰি পেপুৱা লাগি ধৰা পৰে। (ওৰ পৰা = অন্ত পৰা, শেষ হোৱা। ) এতেকে,—দোষী মানুহ সশঙ্কিত অৱস্থাত থকাৰ নিমিত্তে সহজে ধৰা পৰা, tho apprehending of a guilty person account of his over-anxieties for safety.

চোৰক মোৰে পোৱা—ক্ৰি, ‘মোৰ’ এবিধ মূৰ-ফুৰণি ৰোগ। এই শব্দৰ ‘মূৰ’ শব্দেৰে সৈতে সম্পৰ্ক আছে। চোৰে পৰৰ বস্তু চুৰ কৰি নি ‘মোৰ’ কৰে অৰ্থাৎ ‘নিজৰ’ কৰে। এই স্থলত ‘মোৰ’ শব্দৰ দুই অৰ্থ বুজাই কোৱা হৈছে। চোৰক ‘মোৰে’ পায় অৰ্থাৎ চোৰে চুৰ কৰি পলাই যাওঁতে ‘মোৰে’ ধৰি পৰি যায় আৰু তেনে অৱস্থত চুৰ কৰা বস্তুৱেই তাক ধৰা পেলায়। এতেকে,—পৰক ঠগ মানুহে নিজে ঠগত পৰা, to cheat a person who is himself cheat.

চোৰৰ শপথ—বিং, চোৰে চুৰ কৰি চুৰ নাই কৰা বুলি সহজে শপথ কৰে। এতেকে,—মিছা শপথ, a false oath.

চোৰে চোৰে পিতল গঢ়া—ক্ৰি, যি পিতলৰ লোটা-কলহ গঢ়ে সি নিজে চোৰ, আৰু যি তাক গঢ়িবলৈ দিয়ে সিও চোৰ। গঢ়োঁতাৰ মন্ত্ৰণাত গঢ়াওঁ- তাই চুৰ কৰি পিতল আনি দুই জনে মিলি লোটা-কলহ তৈয়াৰ কৰে, প্ৰকৃততে পিতলৰ গৰাকিয়ে এইবিলাক একো বুজ নাপায়। ইয়াৰ দ্বাৰা বুজোৱা হৈছে, যে লোটা-কলহৰ গৰাকি গঢ়াওঁতাও নহয় গঢ়োঁতাও নহয়, যাৰপৰা পিতল চুৰ কৰি অনা হৈছে সি হে প্ৰকৃত গৰাকি। এইৰূপে চোৰে চোৰে মিলি কাৰ্য্য কৰিলে সি নিষ্ফল হয়। এতেকে,—কোনো বিষয়ে প্ৰকৃত গৰাকিৰ মতামত নোলাৱাকৈ অসম্পৰ্কিত মানুহে মিলি কোনো কাৰ্য্য কৰা, the entering into agreement by two parties about a matter which vitally concerns a third party and into themselves.

চোৰে নিয়া গরুৱে বাটে বাটে ঘাঁহ পোৱা—ক্ৰি, চোৰে চুৰ কৰি নিয়া গরুৱে বাটে বাটে অৰ্থাৎ হাবিয়ে-বননীয়ে যেনিয়ে নিয়ে তেনিয়ে ঘাঁহ খাই যায়। আৰু ঘাঁহনীলৈ নি চৰোৱাৰ আৱশ্যকতা নাই। যি মানুহে যতে ততে ফুৰি ফুৰে, তাৰ খোৱা-পিন্ধাৰ দিহাও সেইৰূপে ঠাইয়ে ঠাইয়ে