তেওঁ যেন মাজে মাজে ক’ব বিচাৰিছিল—
“গোটেৰ জীৱনত পোৱাৰ দৰে এনে এগৰাকী
জ্যোতিৰ্ময়ী নাৰীৰ স্থিতি মোৰ জীৱনত বিচাৰিছিলোঁ
যি মোক বাহুৰ বন্ধনত লৈ মোৰ আত্মাৰ
জ্যোতিত ঝংকাৰ তুলিব পাৰিলেহেঁতেন।……
মোৰ দৃষ্টিত নাৰী সুন্দৰ আৰু সত্যৰ এটি মহিয়সী।
বহ্নিশিখা। বিশ্বৰ চিৰ প্ৰবাহিকা শক্তিৰ এক সুৰীয়া
তৰংগ।… পুৰুষ যদি মধ্য আকাশৰ দুৰ্জয় স্থিৰ
শক্তি, নাৰী তাৰেই এক অবিচ্ছেদ গতিৰ বিদুৎ-প্ৰবাহ”—
কিন্তু বাপুদাই কি পালে? সময়ে তাৰ
উত্তৰ দিব। এইটো ঠিক, সূক্ষ্ম অনুভূতিশীল
শিল্পীসকল হৃদয়ৰ একাগ্ৰ বাসনাৰে এগৰাকী
আত্মাৰ সহোদৰো বিচাৰে। পিচে বিচাৰিলেই
পায়নে? শিল্পীসকলে মানুহৰপৰাও অকণমান
মৰম, অকণমান সহানুভূতি বিচাৰে; কিন্তু পায়
কেইজনে? সুন্দৰৰ উপাসক মহান কবি কিটছ এপ
জীৱন কালত কোনো স্বীকৃতি পোৱা নাছিল। সেই
কাৰণে তেওঁ সমাধিত লিখি থবৰ কাৰণে এষাৰ
কথা মৃত্যুৰ আগতেই ৰচনা কৰি থৈ গৈছিল।
কথাষাৰ আছিল— Here lies one whose
name was writen in water. “যাৰ নাম পানীৰ
ওপৰত লেখা হৈছিল তেওঁ ইয়াতে শুই আছে”।
৫৩