পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

not optimistic and bring hope to people no one will welcome you.” কিন্তু তেতিয়া তেওঁৰ মনৰ স্থিৰতা নাছিল। আমাৰ নিজৰ ভঙা অন্তৰ লৈ মুকুটক প্ৰেৰণা দিছিলোঁ। ধেমালি কৰিছিলোঁ। চলচ্চিত্ৰৰ লাইনত বম্বেলৈ সকলো সুবিধা থকা সত্বেও নোযোৱাৰ কাৰণে এদিন বাপুদাৰ ঘৰত মই আৰু বাপুদাই এটা plan কৰি মুকুটক স্বামী ‘মুকুটানন্দ’ নাম দি ‘স্বামীজী’ হ’বলৈ ধেমালি কৰিছিলোঁ। মুকুটৰ ঘৰৰ আগত ‘স্বামী মুকুটানন্দ’ নামে ছাইনবৰ্ড দিবলৈ বাপুদাই মুকুট ভূঞাক কৈছিল। কিন্তু কি Irony of fate— হায় Destiny ভাগ্য!— নিজেই জীৱনৰ সকলো আশা আকাংক্ষা বাদ দি মুক্ত হৈ উৰি গুচি গ’ল। ১০ আগষ্টত কলংখনলৈ চাই থাকোঁতে কিয় বাৰে বাৰে বাপুদাদাৰ সেই কথাটো মনত পৰে?

“মুঝে ইয়ে কচফ অজীজ হ্যায়, ইহা জিতো লুংগা কৰাৰ চে।
মুঝে অব চমন মে না চলো, ম্যয় ঘাবৰা জায় হুঁ বহাৰ চে॥” (এই বন্দীত্বই মোৰ ভাল লাগে, ইয়াতে শান্তিতে থাকিব পাৰিম। মোক আকৌ ফুলৰ বাগিছালৈ লৈ নাযাবা, মুকলি সৌন্দৰ্য্য মোৰ আৰু সহ্য নহয়)।
৫২