পৃষ্ঠা:ৰেণু.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 


কেতিয়ানাে জাপ দিব
 পাৰিম অতল সাগৰত,
তােমাৰ চৰণ চিন্তি
 শঙ্কা লেশ নাৰাখি মনত?

শত্ৰুক আপােন বুলি
 সাৱটিনাে ধৰিম কেতিয়া ?
দেখিছোঁ বেগাই আহে
 প্রভু, মােৰ জীৱন-সন্ধিয়া।