পৃষ্ঠা:ৰেণু.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 


কুটিলতা কপটতা ঈষাণল
 হৈছে আহি লগৰীয়া ;
বাঢ়ে কেনেকই গা মনৰ বল ?
 হল আৰু নাইকিয়া।


মাগিছোঁ কাতৰে কৰুণা তোমাৰ,
 হে প্রভু, দিয়া উপায় ;
তুমিয়েই মাথোঁ ঠাই ভৰষাৰ,
 নহলে নিস্তাৰ নাই।

(২)



অতল বিশ্বাস প্রভু,
 কেতিয়া তোমাত হব মােৰ?
কেতিয়া ভাবিম প্রভু.
 সম্পদ বিপদমানে ঘোৰ ?