এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিনাচিনি
পূৰ্ণিমাৰ জোনাকত অ’ মোৰ জোনাকী অ’ই!
লাজুকী লাহৰিৰ ওৰণি আঁতৰাই
মালতীৰ গালতে মলয়াই চুমি যায়,
পৰশত পাপৰি আঁচলত পৰেহি
গালেদি বাগৰি গ’ই।
অ’ মোৰ জোনাকী অ’ই!
পূৰ্ণিমাৰ জোনাকত অ’ মোৰ জোনাকী অ’ই!
জোনাকত সাঁতুৰি জোনাকী পৰুৱাই
বুৰদি জোনাকত নিজকে লুকুৱাই
চেনেহৰ চুমাটি, চেনেহীক দিবলৈ
নেদেখাত থাকেগৈ ৰ’ই।
অ’ মোৰ জোনাকী অ’ই!
পূৰ্ণিমাৰ জোনাকত অ’ মোৰ জোনাকী অ’ই!
শুকুলা ডাৱৰৰ সুৰুঙাৰে চন্দ্ৰমা
হাঁহি মিচিকিয়া প্ৰেয়সীক সোধে,
অ’ মোৰ প্ৰেয়সী দিবানে চুমাটি
আৰু এটি বাৰল’ই?
অ’ মোৰ জোনাকী অ’ই!
[ 8৬ ]