দ্বিতীয় তাঙৰণৰ কথা
“ৰূপ-জ্যোতি”ৰ প্ৰথম তাঙৰণ শেষ হৈ যোৱাত দ্বিতীয় তাঙৰণ ছাপা কৰি উলিওৱা হ’ল। প্ৰথম তাঙৰণ ‘খৰ-ধৰ' কৰি উলিৱাওঁতে অপ্ৰত্যাশিতভাৱে থাকি যোৱা দুই-চাৰি ভুল চকু ফুৰাই দিয়া হ’ল যদিও, এই তাঙৰণতো এই দোষৰ পৰা হাত সাৰিব পৰা নহল। বিশেষকৈ ৫৪ পিঠিৰ "নিকৰুণ” কবিতাটিৰ ১৩ শাৰীত ‘তেনে কিয় থাকো বই’ৰ ঠাইত ‘তেনে কিয় থাকো’ হৈ ছাপা হৈ গল। অতৰ্কিতে থাকি যোৱা এই আৰু অন্যান্য দুই-চাৰি ভুলৰ বাবে আমি দুখীত।
প্ৰথম তাঙৰণৰ “ওপৰঞ্চি” শিতানত থকা কবিতা ৯ টি ভাৱ-ভাষা মূল পুথিৰ লগত মিল নোহোৱা যেন অনুমান কৰি এই কবিতা কেইটি গগৈৰ হাতে লিখা অৱস্থাত থকা আন কবিতা বিলাকৰে সৈতে বেলেগ এখন পুথি প্ৰকাশ কৰাৰ অভিপ্ৰায় কৰি বাদ দি ৰখা হ’ল। প্ৰথম তাঙৰণৰ ‘সম্পাদনৰ কথা’ খিনিও এই তাঙৰণত খাপ নোখোৱা কাৰণে বাদ দিয়া হৈছে। তাৰ বাবে আমি সম্পাদকৰ ৺ আত্মাৰ আৰু ৰাইজৰ ক্ষমা বিচাৰিছো।
কিতাপখনৰ বেটুপাতত দিয়া ব্লকৰ ছবিখন যোৰহাট উচ্চ বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শিল্পানুৰাগী শ্ৰীযুতা কৰুণাময়ী দাস বি-এ, বি-টিয়ে অনুগ্ৰহ কৰি আঁকি দিয়া বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।
সোদৰোপম শ্ৰীমান বদন বৰুৱাই এই পুথি প্ৰকাশ কৰাত দিহা-পৰামৰ্শৰ বাহিৰে অন্যান্য ৰকমেও সাহায্য কৰিছে। তাৰ বাবে তেওঁক স্নেহাশীৰ্ব্বাদ দিয়া হ’ল। ইতি—
১৫ আহাৰ, ৫০০ শঙ্কৰাব্দ। |
প্ৰকাশক |