এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মেঘদূত-স্বপ্ন
হেৰ’ আহাৰৰ কলীয়া ডাৱৰ
বলিয়া বাতৰি আনিছ কাৰ,
কোন বিৰহিনী বিৰহত পৰি
নেওচি পেলালে সোণৰ হাৰ?
তাৰে জিলিকনি জিলিকি জিলিকি
মেঘৰ বুকুত বিজুলী চমকি,
প্ৰেমিকক দি ব্যথাৰ বাতৰি
বোৱাব খোজনে চকুলো ধাৰ
হেৰ’ আহাৰৰ কলীয়া ডাৱৰ,
বলিয়া বাতৰি আনিছ কাৰ?
শৰতৰ কত শত সুধাকৰে
শেৱালি পাহিতে চুমাটি দিলে,
ফাল্গুনী বতাহে ৰূপহী নিশাত
কত সপোনৰ সফুৰা নিলে;
আজি কিয় তোৰ বুকুত বেদনা
বিশ্ব বিয়পা অশ্ৰুভাৰ,
হেৰ’ আহাৰৰ কলীয়া ডাৱৰ
বলিয়া বাতৰি আনিছ কাৰ?
মতলীয়া হৈ বলিয়া কবিয়ে,
চকিতা চকুৰ নুবুজি ঠাঁৰ
‘আহাঁ প্ৰিয়ে’ বুলি কব খোজোতেই
হাততে হেৰাল কবিতা-হাৰ।
[ ৩০ ]