এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ত্ৰয়োদশ শতিকাৰ সোণৰ অসম
অপৰূপা সুশোভিতা সুজলা সুফলা
মনোৰমা প্ৰকৃতিৰ মাধুৰিমা জৰি
লৌহিত্যৰ তীৰে তীৰে কৰিলে ৰচনা
যিখনি অলকাপুৰী নিৰুপমা কৰি,
যাৰ ৰূপ-জ্যোতি পৰি অজানে নিজানে
ঋষি যোগী তপস্বীৰ ভাগিছিলে ধ্যান
লুইতৰ ঢৌৱে ঢৌৱে খলকনি তুলি
আজিও ঘোষিছে যাৰ মহিমাৰ গান,
শিৰে শিৰে ভকতিৰ ভাগৱতী ধাৰা
বই যায় নিতে যাৰ পাদ-পদ্ম চুমি,
সেয়ে স্বৰ্গধাম মোৰ সোণৰ অসম
মৰতৰ মহাতীৰ্থ, সেয়ে জন্মভূমি।
পুণ্য-ভূমি অসমৰ লাহতি কোলাত
অনাদি কালৰ পৰা কত খেলা হ’ল
কামাখ্যাৰ কাষে কাষে লুইতৰ সোতে
মহিমাৰ পালতৰা কত তৰী গ’ল!
ত্ৰয়োদশ শতিকাত ইয়াতে এদিন,
ইন্দ্ৰবংশী চুকাফাই অসীম প্ৰতাপে,
শত্ৰু-শক্তি ক্ষয় কৰি আহোম ৰাজত্ব
আৰম্ভিলে অসমত আদি ৰজা ৰূপে।
[ ৯ ]