পৃষ্ঠা:ৰূপালীম.djvu/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫0
[
ৰূপালীম্‌

ৰিমু। শুনক ৰজা! নুশুনাকৈয়ে কিয় খং খায়? ৰূকমী ৰাজ্য আৰু ৰাজধানী নাই। ৰূকমী ৰাজ্য আৰু নাই (হাও-হাওকৈ কান্দি) পুৰি ছাই কৰিলে—ছাই কৰিলে।

ৰজা। ছাই কৰিলে কেনেকৈ?

ৰিমু। মণিমুগ্ধই আমাৰ ৰূকমী ৰাজ্য জুই লগাই পোৰাই দিলে—একো নাই। হাবিয়ে বননিয়ে পৰ্ব্বতে-পাষণ্ডে ৰূকমীবোৰ খাবলৈ নাপাই ঘৰ-বাৰীহীন হৈ ঘূৰি ফুৰিছে।

ৰজা। সিহঁতৰ ফটিকাৰ টেকেলি লগত লৈ যোৱা নাই নেকি?

ৰিমু। মুখত দি প্ৰাণ ৰাখিবলৈ এটা ধানৰ সঁচো নাই।

ৰজা। (হাঁহি) দেখিছা বিষয়াসকল! ঈশ্বৰ কেনে ধাৰ্ম্মিক! দেখিলা ঈশ্বৰৰ কেনে ধৰ্ম্মলৈ মতি। তেওঁ কেনে ন্যায়পৰায়ণ, সাধু আৰু হাতে হাতে ফল-দিওঁতা ভকত। আমি ৰজা হৈছোঁ ঈশ্বৰৰ অংশ। তেওঁৰ নিৰ্দ্দেশমতে আমি প্ৰজা পালি আছোঁ। সেয়ে তেনে ৰজাৰ ওপৰত বিদ্ৰোহ তুলি, তিৰোতা মানুহৰ কথাত সিংহপীৰাৰপৰা নমাই দিয়া মহা পাপ আচৰাৰ ফলত থিতাতে হাতে হাতে অচিৰেই কেনে ফল মিলালে। হে ঈশ্বৰ! ধন্য তোমাৰ বিচাৰ। তোমাৰ বিচাৰৰ বিষয়ে মানুহে কি বিচাৰ কৰিব।

প্ৰথম বিষয়া। প্ৰভু! ঈশ্বৰ যে এজন ভাল মানুহ সেই বিষয়ে মই সদায় বিশ্বাস কৰি আহিছোঁ।পিছে, আমাক ৰাজ্যৰপৰা খেদোৱাৰ সময়ত তেখেতে সম্ভৱ ৰং-তামচা কৰি আছিল, সেই কাৰণেহ তেতিয়াই মন কৰিব নোৱাৰিলে।

দ্বিতীয় বিষয়া। অৱশ্যে, অৱশ্যে। তেওঁক বোধকৰোঁ সেই সময়ত বেছিকৈ নিচাই ধৰিছিল, তথাপি যে তেওঁ দুষ্টক দমি বেলিকৈ হলেও কৰ্ত্তব্য কৰিলে তাতে আমি তেওঁৰ ওপৰত সন্তুষ্ট নহৈ নোৱাৰোঁ।

ৰজা। লাওপানী—লাওপানী যে নাই কি উপায়?