পৃষ্ঠা:ৰূপালীম.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দূৰলৈ চাবলৈ ধৰে। এনেতে কোনোবাই শুকান পাত গছকা শুনা যায়। বিষয়া কেইটাই উচপ খাই উঠি ভয় খাই চুচুক-চামাককৈ পলোৱাৰ দিহা কৰিব খোজোঁতেই ৰিমুৱে কাষলতিত এটা চুঙা ওলোমাই দুখ মনেৰে তাত ওলায়হি। ৰিমুক দেখি বিষয়া কেইটাৰ মনত আনন্দ আৰু আশাৰ ৰেখা বিৰিঙি উঠে। আটাইকেইটাই ‘ৰিমু’ বুলি দীঘল উশাহ লয়। ৰিমুৰ নাম ৰজাৰ কাণত পৰা মাত্ৰকে তেওঁ জাপ মাৰি উঠে।

ৰজা৷ এয়া ৰিমু- দে ফটিকা।

একে চোচাই ৰিমুৰ ওচৰ পাই ৰিমুৰ কাষলতিৰপৰা চুঙাটো সোলোকাই নি গছৰ তলত ঠেকেচ কৰে পাছ হুহকি বহে আৰু চুঙাৰ মুখেৰে মুখত ফটিকা বাবে। গোটেইটো চুঙা উবুৰিয়াই দিলতো এটোপাও ফটিকা নসৰাত খঙত উগ্ৰমূৰ্ত্তি হৈ পৰে।

ৰজা৷ মহাপাপী-বিশ্বাসঘাটক- ফটিকা নাই! যা - ৰসাতলে।

  ফটিকাৰ চুঙা ৰিমুৰ গালৈ মাৰি পঠিয়ায় আৰু চুঙাটো ভাঙি চুৰমাৰ হয়। বিষয়া কেইটাও থানবান হৈ ফাঁহি চিটিকা দি দূৰে দূৰে ৰয়গৈ।

ৰজা৷ (গৰ্জ্জি) নোম-নেগুৰ নোহোৱা বান্দৰ! এটোপা ফটিকাও আনিব নোৱাৰিলি? অকামিলা- অপদাৰ্থ!

ৰূকমী ৰজাই খঙত ফোপাউৰিয়াই ঘোঙটোৰ দৰে খঙত মহতিয়াবলৈ ধৰে আৰু এবাৰ ৰিমুৰ ওচৰলৈ চোঁচা মাৰি তাৰ গাত হাত দিওঁ নিদিওঁকৈ উভতি আহি হাত ভৰি এচাৰি আকৌ এবাৰ গৈ তাৰ বাহুত ধৰি জয়ঘণ্টা লৰায়।

ৰজা৷ কটা! এই সামান্য কাম এটাকে যদি সংসাৰলৈ আহি কৰিব নোৱাৰিলি, তেন্তে সংসাৰলৈ আহিছিলি কিয়? মাৰৰ পেটতে সোমাই নেথাকিলি কিয়? আৰু আহিলিয়েই যদি হাত-ভৰি লগা মঙহৰ টোপোলাটো যেন হৈ থাকিলি কিয়? নানিলি কিয়? নানিলি কিয়?