বিচাৰোঁ যতনাই দিবলৈ। তাৰ বাহিৰে সকলো প্ৰাসাদ নিস্তব্ধ। বুজিছ? মাত্ৰ মোৰ খিড়িকী-দুৱাৰৰ তলৰপৰা নিশাৰ নিশাটো আহি থাকিব লাগিব—মৃদু সঙ্গীতৰ গুঞ্জন-ধ্বনি! বুজিলি? দে ফটিকা।
ৰেণথিয়াং। ( আচৰিত হৈ ) ৰূকমী সৈন্যই দেখোন নগৰ বেঢ়ি থৈছে।
মণিমুগ্ধ। ( চিঞৰি দাবী দি ) মূৰ্খ! অপদাৰ্থ! মোৰ ইমান সৈন্য-সামন্ত থাকোঁতেও সেই চিন্তা মোক কৰিবলৈ দিছ? যা! এফালৰপৰা সকলোকে নিৰ্মূল কৰ। ধ্বংস কৰ। অৱশিষ্টক বন্দী কৰ । ৰূকমীৰ ৰাজ্য ৰাতিৰ ভিতৰতে পুৰি ভস্ম কৰ। এখনো গাঁও যাতে বাকী নাথাকে। যা, মই খিৰিকীৰপৰা ৰূকমীৰ কাৰেং দাহ কৰা, জুইৰ ৰঙা, নীলা শিখাবোৰ দেখিব লাগিব। (ৰেণথিয়াং যাব ধৰে) অ’ আৰু শুন—ৰূপালীমক জীয়াই জীয়াই মোৰ আগত আনি দিব লাগিব, কোনো অঙ্গত ঘূণ নলগাকৈ—যা।
আটাইবোৰ ওলাই যায়। ৰেণথিয়াং ওলাই গৈ দুৱাৰ জপাব খোজোঁতেই ইতিভেন বাঘিনীৰ দৰে হুকৰি গৈ দুৱাৰত বিচেষ্ট হৈ দুৱাৰত ভুকুৱাবলৈ ধৰে। মণিমুগ্ধই গহীন হৈ ইতিভেনক বান্ধি থোৱা শিকলিডালত ধৰি একে আজোৰে পেলাই দিয়ে। ইতিভেনে ততালিকে উঠি ফোপাবলৈ ধৰে।
ইতিভেন। তোমাৰ অভিপ্ৰায়?
মণিমুগ্ধ। তোমাক সাৱটি ধৰি খিৰিকীয়েদি তোমাৰ ৰূকমী গাঁও ধ্বংস কৰা জুইৰ শিখা চোৱা—
ইতিভেন। তেন্তে সঁচাকৈয়ে—আমাৰ গাঁওবোৰ পুৰিব নেকি?
মণিমুগ্ধ। নুপুৰি ন’কৈ সাজিবলৈ মই ইমানবোৰ সৈন্য যাবলৈ কৈছোঁনে?
ইতিভেন। কি অধিকাৰত পুৰিবা?