পৃষ্ঠা:ৰূপালীম.djvu/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪২
[চতুৰ্থ অঙ্ক
ৰূপালীম্‌

আপোনাৰ প্ৰেয়সী ইতিভেনৰ সৈন্য আৰু দেশৰ বিষয়ে মই সকলো দিহা লগাম।

  ৰেণথিয়াং দুৱাৰখন জপাই ওলাই যায়।ইতিভেন যাব খোজে। মণিমুগ্ধই উঠি হাতত বন্ধা সোণৰ শিকলিডালত থাপ মাৰি ধৰি ৰাখে। ইতিভেনে ক্ষুব্ধা বাঘিনীৰ দৰে ফোপাবলৈ ধৰে।

মণিমুগ্ধ। ইতিভেন! ইয়াৰ অৰ্থ?

ইতিভেন। অৰ্থ? অৰ্থ এই যে তুমি মোৰ দেশৰ কুমাৰীৰ সতীত্ব হৰণ কৰিছা।

মণিমুগ্ধ। অ’ সেই দেখি তুমি সতীত্ব ৰক্ষা কৰিবলৈ সৈন্য সামন্তৰে ল'ৰি আহিছা? হাঃ হাঃ হাঃ!

ইতিভেন। তুমি ৰূপালীমক হৰণ কৰি আমাৰ দেশক অপমান কৰিছা। নিৰাশ্ৰয়া অবলাৰ ওপৰত অত্যাচাৰ কৰিছা। মই দেশৰ মান, জাতিৰ মান ৰাখিবলৈ প্ৰাণ দিবলৈ আহিছোঁ।

মণিমুগ্ধ। মিছা কথা।

ইতিভেন। মিছা কথা?

মণিমুগ্ধ। অৱশ্যে মিছা কথা। তুমি আহিছা তোমাৰ ঈৰ্ষাৰ সন্তুষ্টিৰ বাবে—মোৰ ওপৰত প্ৰতিশোধ লবলৈ।

[ৰেণথিয়াং সোমাই আহে। ]

মণিমুগ্ধ। বেছ্‌ কথা। অ’ ৰেণথিয়াং। ইয়াৰপৰা যা—আ—ৰু মোক দে এবাটি ডাঙৰ বাটিৰে চোকা ফটিকা—আৰু ইতিভেনক দে এবাটি ফট্‌ফটীয়া পানী—দে—আন—আ—ৰু—শুন ৰেণথিয়াং!

মণিমুগ্ধ। ৰেণথিয়াং। তহঁতে আৰু নিশাটো কোনেও আহুকাল নকৰিবি। দুৱাৰত মাত্ৰ লিগিৰী থৈ দিবি—যি