চন্দ্ৰ বিপ্ৰ সূৰ্য্য বিপ্ৰ দুহঙ্কি আনিব।
মহা মনোহৰ জজ্ঞ ঈশ্বৰ জজীব॥
পাইব বহু ৰত্ন ধন কৰিব প্ৰধান।
বিপ্ৰ শুদ্ধি কৰি বৈষ্ণৱক দেই দান॥
দুখী ভিক্ষী ধন ৰত্ন হৈবেক সম্পূৰ্ণ।
হৰি চিন্তা বিনা আন নকৰে শ্ৰৱণ॥
শ্ৰৱণ কীৰ্ত্তন হৈবে নাৰায়ণ পৰ।
সেহিসে কাৰণে হৈব ভক্ত নহগৰ॥
সাৰদ নদীৰ তীৰে পৰম শোভন।
আচন্ত বৈষ্ণৱ তান নাম সুনন্দন॥
হৰি সমে একে কলেবৰ হুয়া ৰৈলা।
একক্ষণে মাত্ৰ হৰি চৰিত্ৰ নেৰিলো॥
শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম নামক ধৰিব।
অনন্তৰে বলি ৰহি তাহাঙ্কে আসিব॥
হয় হস্তী ৰথ গজে আনিবো তাহাক।
অনেক প্ৰকাৰে বলি বুলিব প্ৰিয় বাক॥
তুমি মহন্ত অবশ্যে চলিব লাগয়।
অপৰ লোকক তাৰিবাৰ যোগ্য হয়॥
তেবে বোলে কেন মই তাৰিবো লোকক।
বহু যত্নে তাৰিব ন পাৰে অপোনাক॥
মোৰ পিতৃ মাতৃ ভাতৃ বৈকুণ্ঠে চলিলা।
মোকে ইঠাৱতে তাৰা সবে এড়ি গৈলা॥৪৬৪॥
কৃষ্ণকে স্বাৰত্বে মোৰ তিনি যুগ গৈল।
তথাপিতো মোৰ কিছু ভকতি নভৈলা॥
নজানুহো ধ্যান পূজা দিক্ষাদি মন্ত্ৰক।
তপ জপ ধ্যান কিছু নজানু সবক॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৮৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
ৰূদ্ৰ যামল।