তাহাঙ্কে পাতিলা ৰাজা সোমৰ পৃষ্টত।
পৰি বৰি সুধা জন্ধু দ্বীপ মনোগত॥
এক ছত্ৰে মহি খান পাতিবো প্ৰজাক।
হৈবেক পৰম সুখী তাৰ প্ৰজা যাক।
নাহিকে দুৰ্ম্মতি কাৰো নাহি পৰাভয়।
অজাতি লোকৰ দ্ৰব্য সমন্তে ভূঞ্জয়॥ ৪৫৩
নাহি কৰ ভাৰ দণ্ড ভণ্ড কিছু ভয়।
বড় সুখে লোক সবে স্বৰ্গত বঞ্চয়॥
ধনে ধান্যে সম্পূৰ্ণ হৈবেক লোকচয়।
নাহি চোৰ খণ্ড কিছু সচণ্ডক ভয়॥
মহা সুখী সান্ত হৈবে ৰাজা পাত্ৰ গণ।
আচৰিবে ৰাজা যেন লোকৰ লক্ষণ॥
মুখ্য মুখ্য কৰি কিছু লৈবে বলি গণ।
দেশে দেশে চাহিবেক লোক প্ৰবৰ্ত্তন॥
পাষণ্ডক নাশিয়া দিবেক শুদ্ধ পথ।
পাতিব তাহাকে ধৰ্ম্ম বলি মহাৰথ॥
দেশে দেশে তেন্তন ৰাজাক বিনাশিব।
দুই পাত্ৰ গণ কাতি নিৰ্ব্বংশ কৰিব॥
বোধ বিপ্ৰ গণক কাতিব নিৰন্তৰ।
গুচাইবেক কু কথা যত আছয় লোকৰ॥
তন্ত্ৰ মন্ত্ৰ পূজা বিধি কৰিবেক নাশ।
ভকতৰ নাম মাত্ৰ কৰিব প্ৰকাশ॥
ব্ৰহ্ম-পুত্ৰ তীৰে মনপুৰ নগৰত।
হৈবে মহা ৰাজা তাৰ বাঢ়িবে খ্যাত॥
শ্ৰুতসেন ৰাজা হৈবে আনন্দ অপাৰ।
চন্দ্ৰমতি নামে হৈবে মহীষি সুষাৰ॥