পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
ৰূদ্ৰ যামল।

বেদৰ বিহিত,  কাৰ্য্য কৰে যত
 চন্দ্ৰ সুৰ্য্য দেৱতাদি॥
একাদশ আদি,  বেদৰ ৰহস্য
 ৰত্ন মন্ত্ৰ মহোদয়।
ৰহস্যত বৰ,  পৰম গোপনী
 আপনি হৰি নেৰয়॥
এহি মতে জানা,  বাহ্ৰয় বেদৰ
 কহিলো যেনয় নীতি।
ইশ্বৰ আজ্ঞাত,  অনন্ত ব্ৰহ্মাতে
 তোহিতে কৰয় কীৰ্ত্তি॥
এতেকে সে সবে,  চৰাচৰ গণে
 মায়া পানে বন্ধ গৈলা।
ঈশ্বৰ ইচ্ছাত , মনুষ্যত মাত্ৰ
 অল্প মান কোনা থৈলা॥
মোক দয়া তৰে,  সহস্ৰেক নাম
 দিলা দেৱ সনাতন।
সোহিটো নামৰ,  প্ৰভাৱে তোমাৰ
 ভৈলা সুপ্ৰসন্ন মন॥
চাৰি খান বেদ,  ব্ৰহ্মায়ে প্ৰয়ন্তে
 এক খান বিশ্ব বলা।
এতেকে অথৰ্ব্ব,  বেদক জানিবা
 বিধাতাৱে এহি দিলা॥
গুনা সভাসদ,  হুয়া নিশবদ
 কথাৰ লোৱা প্ৰমাণ।
আদি অন্ত জানা,  মহেশে ভকতে
 জগত গুরু প্ৰমাণ॥