পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
ৰুদ্ৰ যামল

বিষ্ণু শৰ্ম্মা মাত্ৰ, ইহাক জানিলা
 ঈশ্বৰ দয়া জন্মিলা।
সেহি সে কাৰণে, আসাম্বাৰ জানা
 সূৰ্য্য বিপ্ৰ নাম থৈলা॥৪৪১॥
কহিলোহোঁ জ্যোতি—  শাস্ত্ৰৰ নিয়ম
 শুনা বেদ বাহ্ৰ খান।
যিবা যাক গাৱে, জানা তাক পাৱে
 তাহান জীৱ প্ৰধান॥
মই ব্ৰহ্মা বিষ্ণু, আদি তিনি জন
 তিনি খান মুখ্য কৈলা।
সাম ঋগ যজু অথৰ্ব্ব বেদেসে
 ত্ৰিভুবনে জুৰি ৰৈলা॥
কিন্নৰ চাৰণে, পৰা বেদ গাৱে
 গচ্ছন্তি গাৱে গন্ধৰ্ব্ব।
ব্ৰহ্মাৰ বেদক, এহেন্তে সে দেখি
 গাৱে যত যক্ষ সৰ্ব্ব॥
মধ্যম বেদক, সিদ্ধ সবে গাৱে
 ভেদাভেদ কৰি মতি।
এহি আট খান, বেদৰ কাহিনী
 শুনিলা দেবী পাৰ্ব্বতী॥
আৰো মহা গোপ্য, আছে চতুৰ্ব্বেদ
 তাৰ নাম কহো আবে।
ইন্দ্ৰ আদি দেৱ, বেদক গাৱন্ত
 শ্বেত বিষ্ণু স্থানে যেবে॥
বেদ আদি কৰি, বেদান্ত গাৱয়
 নাৰদ আদি প্ৰমাদি।


শাস্ত্ৰ জ্ঞানৰ মূল এতকে শাস্ত্ৰক আদৰ কৰিব লাগে।