পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
ৰূদ্ৰ যামল ৷

অসত্য অদয়া মিছা অন্যায়ক আদি।
প্ৰজতিয়া লোকে সবে বহিবে প্ৰমাদি॥
হেন সভাখান তাৰ দেখি চমৎকাৰ।
দেখিয়া বলিৰ খেদ মিলিলা অপাৰ॥
হৰি হৰি লোকৰ মিলিলা অমঙ্গল।
পাপী কলি নমি লোক গৈলা ৰসাতল॥
তাৰ (লগে) আছে বিশ্ব যিটো দ্বীজবৰ।
পৰম পাষণ্ড পাপী অন্যায় দুৰ্জ্জৰ॥
মিছা তন্ত্ৰ মিছা মন্ত্ৰ মিছতি হিংসয়।
অহঙ্কাৰ আদি (মন্ত্ৰ) ব্ৰাহ্মণে হোৱয়॥
এক মন্ত্ৰ সব আছে অবহিতে ছাই৷
জগতক বস্য কৰে কলি ৰাই॥
অনন্ত মহিমা মহা মহন্ত সবৰ।
তাসাম্বাৰ আগে কোন কলি অলপতৰ॥
এহি মতে সুমৰিলা বলি দৈত্যপতি।
কলিৰ কাষক যেৱে দেখিলেন আতি॥
মনে বলে কিনো আৱে মহন্ত দুৰ্জ্জয়।
ভালে তো ইহাৰভাৰ পৃথিবী নসয়॥
এহি বল ধিৰে ধিৰে সমিপ চাপিলা।
সি বেলাত কলি ৰাজা বলিক দেখিলা॥
কোন গোট আসে ইটো হস্তীৰ স্কন্ধত৷
কলি নৃপতিৰ শঙ্কা নাহিকে মনত॥
হেন দেখি কিছুতেই নাহি কয় মন।
শ্বেত ছত্ৰ ঘনে বয়ে আদিত্য সমান॥
আত হন্তে বলি যাই চাপিলা ওচৰ।
তাৰ মন্ত্ৰি আগে নিয়া পুচিলা সত্তৰ॥