পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
ৰুদ্ৰ যামল ৷

দুৰ্জ্জনৰ ভৰে ভূমি পায়া যেন দুখ।
পাতাল পুৰক মনে হৈলেক সন্মুখ॥
পাপ ভাৰ গাৱে নশহয় ধৰনীত।
গুনি গাঠি, পাছে যেন কৰি স্থিৰ চিত্ত॥
পাছে মহা বলী ৰাজা ত্ৰিলোকত সাৰ।
তেহস্তে মোহৰ কৰিবেক প্ৰতিকাৰ॥
এহি মতে চলিৱন্ত সতী বসুন্ধৰী।
বলিৰ থানত যাই প্ৰবেশী সুন্দৰী॥
দেখি দৈত্যপতি কৰিবেক প্ৰতিকাৰ।
কহিৱন্ত দেবী ক্লেশ যত আপোনাৰ॥
পাতকী প্ৰজাৰ ভৰ সহন নজাই।
দুৰ্জ্জন ৰাজাৰ কত সহিবোঁ অন্যায়॥
দুৰ্জ্জন নৃপতি সবে নাশে মহন্তক।
দুষ্ট সব দম্ভি সবে নাশয় লোকক॥
(স্নচ ৰাজা সবে কৰে লোকৰ বিঘাত।
স্ত্ৰী বলে কৰিনেই নাহিকে সজ্ঞাত॥
লোকৰ জীবিকা নাশি পুৰয় উদৰ।
প্ৰাণীক হিংসিয়া খাই মাংস শৰীৰ॥
বিপ্ৰ সবে ম্লেচ চাণ্ডালৰ অন্ন খাই।
ভৈলেক পাষণ্ড বিপ্ৰ সবসুন্ধ নাই॥
স্নেচ নৃপতিক সেবা কৰে অনুমান।
ব্ৰাহ্মণ সবৰ কিছু নাহিকে সন্ধান॥
লোকৰ মাংসক খাইবে যে হেন, ৰাক্ষস।
চলে বলে হৰিবেক লোকৰ সৰ্ব্বস্বক॥
অজয় অযোক্ত কৰ্ম্ম অনুমান নাই।
পেট পুসিবাৰ মাত্ৰ চাণ্ডাল পৰাই॥