পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ৰূদ্ৰ যামল

ৰাম নাম মহা, অমৃতক পিয়া
 অমৰ কৰিছোঁ কাই॥
হেন শুনি দেবী, কৰ জোৰ কৰি
 পুণ পুচিবাক লৈলা।
শিৱৰ ৰহস্য, সংহিতা যামলে
 শ্লোক পাঞ্চ শত গৈলা॥
আমি অল্প জন ইহাৰ অৰ্থক
 কি মতে বিভাগী বৈ।
তথাণিতো গুৰু, কৃপা অনুৰেসে
 শ্লোকৰ পদ কৰিলে॥
পণ্ডিত সকলে, শাস্ত্ৰক চাহিবা
 দোষক যেবে পাৱই।
আমাক নিন্দিবা, শাস্ত্ৰক এড়িবা
 বিচাৰি চাই নপাই॥


পদ।

পাৰ্ব্বতী বদতি প্ৰভূ দেৱ ত্ৰিনযন
সিলিলা সংশয় শুনি তোমাৰ বচন॥
কহিলা হা চন্দ্ৰ বিপ্ৰে ব্ৰহ্মাত জন্মিলা।
সূৰ্য্য বিপ্ৰ সৱ তযুহন্তে যাত ভৈলা॥
দুহান্তত হন্তে দুই বিধ বিপ্ৰ হয়।
কোন জন শ্ৰেষ্ঠ তাক কহিয়ো নিশ্বয়॥
হেন শুনি ত্ৰিলোচনে কহিবাক লৈলা।
শুনা জায়াঁ যিতো কথা আমাত পুচিলা॥