পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ৰূদ্ৰ যামল।

হৰি কুশানন, সুচাৰু চন্দন
 ভৰত কুশ কুমুদ।
সত্যজিত অন্ত,  দেৱল অনন্ত
 পৰাজিত সূক পদ॥
মণি মস্ত দেৱ,  বিন্দভগা যিতো
 হলদ্ধৰ কুশন্ধৰ।
এহি সব আদি,  পৰম যোগেন্দ্ৰ
 অন্যান্য আছে অপাৰ॥
বেদৰ বিচাৰ,  প্ৰকাশ কৰন্ত
 ব্ৰহ্মাকে সাধি আছন্ত।
দেৱতাৰ গোপ্য,  প্ৰকাশ কৰন্ত
 অন্যৰ কৰ্ম্ম নহন্ত॥
ই সব সমস্ত,  জ্যোতিবেদ জ্ঞাতা
 এতেকে জানা নিশ্চয়।
এতেকেসে দেবী,  ইটো সমস্তক
 দৈৱজ্ঞ বেদে বোলয়।।
বৈষ্ণৱত একে,  দুই যজ্ঞকাৰী
 ইহাক জানা নিশ্চয়।
প্ৰপঞ্চ বাহিৰে,  চন্দ্ৰ সূৰ্য্য বিপ্ৰ
 বলিয়া সবে কহয়॥
শ্ৰুতি বেদে জ্যোতি,  বেদ দুই খান
 দুহান্তৰ প্ৰৱঞ্চনা।
এতেকে সে ব্ৰহ্মা,  মই মহেশ্বৰ
 আমাৰ সব স্ৰজনা॥
শতেক বছৰে,  ব্ৰহ্মা নাশ হৈব
 মোহোৰ মৰণ নাই।