এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
ৰাস ক্ৰীড়া
ব্রজ হস্তে ধেনু, চাৰিবাক যাহা,
আমাৰ মনে অসুখ।
জানাে পাদপদ্মে, তৃণ শিলা লাগি,
প্রাণনাথে পাস্ত দুঃখ।।
তোমাৰ চিন্তায়ে, দিন বহি যায়,
গােধূলি গােপাল আসি।
অলকা আবৃত, গাে ৰজে ৰঞ্জিত,
দেখোবা মুখ প্রকাশি।।
পুনু পুনু দেখাই, বদন পঙ্কজ,
মনত অর্পা মদন।
তােমাৰ সঙ্গতি, নপাই দুঃখে ৰাতি,
জাগিয়া চিন্তে চৰণ।।
আমাৰ হৃদয়, জানি কৃপাময়,
এড়িয়ো কপট মতি।
দিয়া দৰশন, আমাৰ জীৱন,
ৰাখিয়ােক যদু পতি।
৩