সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰামনবমী নাটক
প্ৰথম অঙ্ক
প্ৰথম দৰ্শন
নাৰায়ণৰ বাটী।
নাৰায়ণ আৰু ধৰ্ম্ম নাথৰ প্ৰবেশ।

নাৰায়ণ— শুনিছেনে? হৰিভকত।
ধৰ্ম্মনাথ- কি?
নাৰা— কালি ৰাতি অধ্যাপকৰ জীএকে ক’লে, বোলে, তেওঁ হুনু কালি গধূলি বাৰিলৈ যোৱাত শিৱকান্ত হঁতৰ বেটী পেলনীক লগ পাইছিল, তাতে তাই ক’লে যে শিবকান্তৰ নৱমী বোলা জীএক জনিৰ গিৰিএক মৃত্যু হ'ল।
ধৰ্ম্ম— সিহঁতেনো কেনেকৈ শুনিলে? তাৰপৰা মানুহে আহিছিলনে কি?
নাৰা— শিবকান্ত গঙ্গাতীৰৰ পৰা আহোঁতে জোঁয়াইএকৰ ঘৰত সোমাইছিল। সেইদিনাই হুনু জোয়াইএক জহনীত পৰি মৰিল।
ধৰ্ম্ম— অস! অস! বৰ শোকৰ কথা! সেই চোয়ালীটীত বাজে শিবকান্তৰ আৰু ল’ৰা চোয়ালী এটীও নাই। তাইএ যদি ভালে থাকিল হেঁতেন তেওঁ (১) তেওঁ বুৰাকালত সুখে থাকিল হেঁতেন। সিও গল যাৰ হয় তাৰ এনেহে হয়। উস! হৰি! হৰি!
নাৰা— এস! তাৰ তেনে দশা হবই পায়! ময় তেতিয়াই কওঁ এনে কথা নকৰিবা! আমাৰ হাক নুশুনিলে। কি কবাহে দেওহে এতিয়াৰ কালৰ মানুহৰ কথা।
ধৰ্ম্ম— কি? কি কইছা, হৰিভকত? তাক তুমি আৰু হৰিএহে বুজিলে। আমাৰ বুঝিবৰ সাধ্য নহল।
নাৰা— ময় কলোঁ কি? যেতিয়া শিবকান্তৰ সেই চোয়ালীটীৰ নামকৰণ কৰে তেতিয়া ময় কইছিলোঁ যে তিথীৰ নামে নাম ৰাখিব নেপায়, ৰাখিলে বাঁৰি হয় তাতে সি ক’লে বোলে তাৰ ঘইনিএকে হুনু সামাজিকত সেই নামটী পাইছে সেই নামেই পাইছে। এতিয়া কেনে। আমাৰ হাক নুশুনা; হৰি-ভকত, তুমি বঁহা। মই ক্ষুদ্ৰ শৌচ কৰি আহোঁ। ( ইতি প্ৰস্থান )