সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক প্ৰথম অঙ্ক প্ৰথম দৰ্শন নাৰায়ণৰ বাটী। নাৰায়ণ আৰু ধৰ্ম্ম নাথৰ প্ৰবেশ। নাৰায়ণ। শ নিছেনে? হৰিভকত। ধৰ্ম নাথ। কি? নাৰা। কালি ৰাতি অধ্যাপকৰ জীএকে ক'লে, বোলে, তেওঁ হন, কালি গধূলি বাৰিলৈ যোৱাত শিৰকান্ত হাঁতৰ বেটী পেলনীক লগ পাইছিল, তাতে তাই ক'লে যে শিৱকান্তৰ নৰ্মী বোলা জীএক জনিৰ গিৰিএক মৃত্যু হ'ল। ধৰ্ম্ম। সিহ তেনো কেনেকৈ শ,নিলে? তাৰপৰা মানহে আহিছিলনে কি? নাৰা। শিবকান্ত গঙ্গাতীৰৰ পৰা আহোঁতে জোঁয়াইএকৰ ঘৰত সোমাইছিল। সেইদিনাই হন, জোয়াইএক জহনীত পৰি মৰিল। ধৰ্ম্ম। অস! অস! বৰ শোকৰ কথা! সেই চোয়ালীটীত বাজে শিবকান্তৰ আৰু ল'ৰা চোয়ালী এটাও নাই। তাইএ যদি ভালে থাকিল হেতেন তেওঁ (১) তেওঁ বৰাকালত স,খে থাকিল হেতেন। সিও গল যাৰ হয় তাৰ এনেহে হয়। উস! হৰি! হৰি নাৰা। এস! তাৰ তেনে দশ। হবই পায়! ময় তেতিয়াই কওঁ এনে কথা নকৰিবা! আমাৰ হক ন,শ,নিলে। কি কৰাহে দেওহে এতিয়াৰ কালৰ ধৰ্ম। কথা। তুমি কি কইছা, হৰিভকত? তাক তুমি আৰু হৰিএহে বাজিলে। আমাৰ ঝিৰ সাধ্য নহল। নাৰা। ময় কলোঁ কি? যেতিয়া শিৱকান্তৰ সেই চোয়ালীটীৰ নামকৰণ কৰে তেতিয়া ময় কইছিলোঁ যে তিথীৰ নামে নাম ৰাখিব নেপায়, ৰাখিলে বাঁৰি হয় তাতে সি ক'লে বোলে তাৰ ঘইনিএকে হনে, সামাজিকত সেই নামটা পাইছে সেই নামেই পাইছে। এতিয়া কেনে। আমাৰ হাক নাশনা; হৰি ভকত, তুমি বঁহা। মই ক্ষুদ্ৰ শৌচ কৰি আহোঁ। ( ইতি প্ৰস্থান ). 0