সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীশ্ৰী শঃ

ভূমিকা

 ইংৰাজী ১৮৫৭ সনত ময় যেতিয়া কলিকতাৰ পৰা আপোন মাতৃ ভূমিলৈ আহোঁ, বাটত এই ৰামনবমী নাটকখনি ৰচনা কৰিছিলোঁ। পাছত সময়ে সময়ে অৰুণোদয় সম্বাদপত্ৰত ই মুদ্ৰিত হইছিল। ময় ইয়াৰ সেই পৰ্য্যন্তই সীমা বুলি স্থিৰ কৰিছিলোঁ।

 মোৰ প্ৰিয় পত্নী শ্ৰীমতী ব্ৰজসুন্দৰী দেৱীৰ এই ইচ্ছা আছিল যে ৰামনবমী পুথিৰ আকাৰেৰে ওলায়। সেই দেখি মোক বাৰম্বাৰ অনুৰোধ কৰে। কিন্তু ময় সেই কথালৈ তেতিয়া কান নকৰিলোঁ। ইংৰাজী ১৮৬৭ সনত যেতিয়া ৰাজকাৰ্য্য উপলক্ষে নগাঁওৰ পৰা ধুবুৰীলৈ আহোঁ তেতিয়া ইয়াক ছাপিবলৈ মন কৰিছিলোঁ। কি ঈশ্বৰৰ ইচ্ছা! মোৰ পত্নী সেই সময়তে মৃত্যু হল। নানা কাৰণত থাকি সেই প্ৰিয় অনুৰোধ ইমান দিনলৈ পালিবলৈ নোয়াৰিছিলোঁ। এতিয়া ইয়াক মুদ্ৰাযন্ত্ৰলৈ পঠালোঁ। দুৰ্ভাগ্যৰ বিষয় এই যে, যি জনে ইয়াক দেখি সন্তোষ পালেহেঁতেন সেইজন মোৰ ওচৰত নাই! তথাপি ভৰসা কৰোঁ আমাৰ দেশৰ লোকসকলে ইয়াক পঢ়িব। সেই হলেই ময় চৰিতাৰ্থতা লাভ কৰিম।

 অৰুণোদয়ত যেনে ছপা হইছিল এতিয়া তাতকৈ অলপ লৰ চৰ হইছে। আৰু আমি যেনে ভাষাৰে সদায় কথা (১) বাৰ্ত্তা কওঁ তাকেহে ইয়াত ব্যবহাৰা কৰা গইছে। এই ঘটনাটী গুয়াহাটীতে ঘটিছে এনে অনুমান কৰিব লাগে।

 পৰিশেষত কৃতজ্ঞতাৰে স্বীকাৰ কৰোঁ যে আমাৰ প্ৰিয়বন্ধু, শ্ৰীযুক্ত বাবু মাধবচন্দ্ৰ বৰদলই মহাশয়ে এই ৰামনবমী ছাপাৰ বিষয়ে বিস্তৰ সাহায্য কৰিছে। তেওঁৰ সহায়তাৰ নিমিত্তেহে বিদেশত ৰামনবমী মুদ্ৰিত হব পাৰিলে। ইতি

গুয়ালপাৰা।
আষাঢ় ১৭৯২।
শ্ৰীগুণাভিৰাম বৰুৱা। (২)