এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
ৰামনবমী নাটক
| হব লাগিব। সৰহ নকওঁ, তোমালকে এতিয়া দুইও দুইত মন সমৰ্পণ কৰা তেনে হলেই হল। উভয়ে (মনে মনে) বাৰু—(নবমীক ৰামচন্দ্ৰৰ হাতত দিলে)। (৪৬) |
| জয়ন্তী। | বপা! সখি তোমাৰ আজিৰ পৰা ধৰ্ম্ম পত্নী হল। বপা থাকা! সখি থাকা! ময় এতিয়া যাওঁ। বপা ময় যেনে, সখিকো সেই দৰে মৰম কৰিবা। তুমিএ তেওঁৰ সৰ্ব্বস্ব হলা। |
(জয়ন্তীৰ প্ৰস্থান।)
| নবমী। | সখি! ময়ো যাওঁ, (নবমীৰ প্ৰস্থানোদ্যোগ)। |
| ৰাম। | (নবমীৰ হাতত ধৰি) ময় তোমাক এৰি দিব নোয়াৰোঁ। সখিয়াই গতাই দি গইছে। ময় কেনেকেই তোমাক এই এন্ধাৰ ৰাতি এৰি দিও। (নবমীৰ সৰ্ব্ব শৰীৰ কম্পন অথচ বল প্ৰকাশ) |
| ৰাম। | ময় কেতিয়াও নিদিওঁ। সখীয়েৰে বেয়া বুলিব! বাৰু বৌ আহক তেতিয়া যাবা। তেও যদি নেথাকা, মোৰ যে বস্তু নিলা তাক দিয়া? |
| নবমী। | (কটাৰিখন দি) যাওঁ। |
| ৰাম। | কটাৰি তোমাক দিছো। মোৰ মন যে নিছা সেইটী দিয়া? |
| নবমী। | এতিয়া এনে দিন কালেই হইছে। চোৰে আকৌ গিৰিহঁতকে চোৰ বোলে। মোৰ ফুলনীত যি অবস্থা হইছিল আৰূ এতিয়া হইছে, তাকে ময়হে জানিছোঁ। |
| ৰাম। | সঁচা। বাৰু ময় চোৰ আৰূ দুঃখ দিওঁতাও তুমি যি ইচ্ছা সেই দণ্ড কৰা |
(এই বুলি দুইও বহিল)
| নবমী। | ময় অবলা! মোৰ প্ৰতি বল প্ৰকাশ নকৰিবা। |
| ৰাম। | কি বল? ময় নীচেই বল হীন হইছোঁ, ময় কি বল প্ৰকাশ কৰিম? যাদু! ময় মোত নাই। – মোৰ যাবদীয় অঙ্গ শৰীৰ মন সকলো বিলাকে তোমাৰ ৰূপ লাবণ্য কৰ্ত্তৃক পৰাভূত হইছে, আৰু চুম্বকে যেনেকৈই লোক [৪৭] আকৰ্ষণ কৰে সেই ৰূপে আকৃষ্ট হইছে! ময় কৰোঁ বুলি একো কৰিব নোয়াৰোঁ। মোৰ শক্তি নাই। হে প্ৰিয়ে! তুমি মোৰ শক্তি। |
| নবমী। | (স্বগত) পুৰুষে বিলাকে কেনে সুন্দৰে কথা কয় আহা! এনে কাৰ কঠিন প্ৰাণ আছে যে, আৰ্দ্ৰ নহব? (প্ৰকাশ্যে) কিন্তু ময় দুৰ্ব্বলা আৰূ অনাথিনী, আৰূ ছাত্ৰ হীনা। |