| জয়ন্তী।
|
এনেৰ এনেই কথা। ভুকুতে কলটো পকা পাৰিনে? তোমাৰ যে কাৰ্য্য সিদ্ধি হবৰ লক্ষণ হইছে।
|
| নবমী।
|
সখী! মোৰে শপত, বধলাগে। কোয়া কি হল? কি বুলিলে, মোৰে শপত, সোনকালে?
|
| জয়ন্তী।
|
তুমি মন দি শুনা কি কি হল। তেওঁ পৰগানালৈ গল। ততাতৈয়াকৈ যোয়াত বস্তু বেহানি কিনি বিকি [৩৯] দিব নোঁয়াৰিলে, তোমাৰ তেওঁৰ আগত (নবমীৰ দীৰ্ঘ নিশ্বাস ) কই গইছিল। তাতে তোমাৰ তেওঁ (পুনর্ব্বাৰ দীৰ্ঘ নিশ্বাস ) বস্তু বেহানি কিনি দিবলৈ আহিছিল সেই ছলতে মই কলোঁ। হেনে সখীয়ে তোমাক চাব খুজিছে তাতে তেওঁ মান্তি হইছে আৰূ তোমালৈ মৰমেৰে হাতৰ আঙ্গঠীটী দি পঠাইছে। (এই বুলি আঙ্গঠীটী দিলে )।
|
| নবমী।
|
(আঙ্গঠীটী চুম্বন কৰি) সখি! তোমাৰ প্ৰতি ময় যে কিমান সন্তুষ্ট হইচো কব নোয়াৰোঁ। যিমান দিন জীয়াই থাকিম সিমান দিন বাধিত হম। তুমি পিতৃ মাতৃৰ কাৰ্য্য কৰিলা। সখি কতনো? কেনেকেই?
|
| জয়ন্তী।
|
আজি আমাৰ ঘৰলৈ তোমাক শুবলৈ মাতিম। আমইয়ে এৰি দিব। তাতে সখি? ময় এতিয়া আমইত তোমাৰ যাবৰ কথা কও গই।
|
| নবমী।
|
সখি! যেতিয়ালৈকে তুমি মোক নিবলৈ নাহা তেতিয়ালৈকে ময় বাট চাই থাকিম।
|
[জয়ন্তীৰ প্ৰস্থান।]
| নবমী।
|
(মনে মনে) হে জগদীশ্বৰ মোৰ প্ৰতি প্ৰসন্ন হোয়া। আজি যেন কার্য্যটী সিদ্ধি হয়। হে কামদেব! নাথ সম্ভাষাণৰ নিয়ম শিকাই দিয়া।
|
[ইতি প্ৰস্থান। (৪০)]
তৃতীয় দৰ্শন
ৰাজআলী
মঙ্গলুৰ প্ৰবেশ।
| মঙ্গলু।
|
হেঁই আই! কুসলনো কাৰ নাম। তাকে ভাবি চিন্তি উলিয়াব নোয়াৰিলোঁ। কোননো হল? চোয়ালী জনি বৰ দুষ্ট। তেও তাইৰ মোলৈ মন থকা জনা যায়। বাৰু ঈশ্বৰে যি কৰে। ময় যতন নকৰোঁ।
|