সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
ৰামনবমী নাটক


পাটৰ কাপোৰ পিন্ধিব, আৰূ মূৰো মেলাব, অলঙ্কাৰো পিন্ধিব। মুঠে সেন্দুৰে হে পিন্ধিব নেলাগে।
ফুলে। বাৰু দে দোষ নাই।
নবমী। আই! আজি ময় সখীউৰুৰ তালৈ যাঁও। আজি এমাহমান যোয়া নাই। কুমলী আইটীও আহিছে হুনু চাই আহিম। আৰু সেই পোনে উৰ্ব্বসী সখীৰো বুজ লই আহিম।
ফুলে। বাৰু যা।
জয়ন্তী। তেনে হলে সখী যাঁও বলা।

[ ইতি সৰ্ব্বে নিষ্ক্ৰান্তাঃ ]

প্ৰথম অঙ্ক সমাপ্ত। [১৪]

দ্বিতীয় অঙ্ক
প্ৰথম দৰ্শন

(প্ৰথমতঃ হৰনাথৰ বাটী, শেষত ফুলনীৰ সৰোবৰ)

ৰাম। বন্ধো! আজি শিবৰাত্ৰীৰ ব্ৰত! একো খোয়াও নাই। গাটো বৰ হেলেঙ্গ পেলেঙ্গ লগাইছে। একেই অসুখ গা, তাতে আকৌ আজি ব্ৰত হল।
কাম। মোমাইয়েবৰ ঘৰলৈ যাব নুখুজিছিলা নগলানে?
ৰাম। হয় নগলোঁ। দেউতায় হাক দিলে বোলে এতিয়া যাব নেলাগে একেলগে ফাঁকুয়াৰ সময়ত যাবি।
কাম। গাটোনো আগতকৈ এফেৰিও সস্তা পোয়া নাইনে?
ৰাম। এফেৰিও পোৱা নাই। দিনে দিনে বাঢ়িবহে লাগিছে।
কাম। বন্ধো! বাৰু এটা কথা শোধোঁ সচাঁকৈ কবানে?
ৰাম। বাৰু কম। কি কোয়া কোয়া?
কাম। আগেয়ে সত্য কাঢ়া তেহে কম।
ৰাম। বাৰু কাঢ়িলো, কোয়া।
কাম। এতিয়া তোমাৰ যৌবন অবস্থা তাতে বসন্ত কাল! কোনবা বন্ধুয়নীত চকু পৰিছেনে কি? সেই দেখিহে এনে হইছে।