পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


বিকৰ্ম্মী গৰ্হিত কৰ্ম্ম কৰে গুৰুত্বৰ,
অকৰ্ম্মীত কৰি বিকৰ্ম্মীসে ভদ্ৰতৰ।
প্ৰায়চিত্ত জানিবাহ বিকৰ্ম্মীক লাগি,
কৰি প্ৰায়চিত্ত পাচে হোৱে পুণ্যভাগি।
বেদৰ পৰমতত্ব কহিলোহো বাচি,
একে প্ৰিয় শিষ্য তুমি সখি সব্যসাচী।
মোৰ অংশে নৰ তুমি নাৰায়ণ মই,
জীৱ পৰমাত্মা ভেদে কহিলো নিশ্চয়।

................

৪৬। মূল ঘোষাঃ-

প্ৰচাৰিয়া বেদ শাস্ত্ৰ ওঠৰ পুৰাণ,
নাহি শান্ত চিত্ত ভৈল পৰাশ-নন্দন।
নাৰদৰ উপদেশে লিখি ভাগৱত।
কলিৰ প্ৰজাক দিলে মুকুতিৰ পথ॥

পদঃ-

নাৰদ বদতি শুনা মহামুণি ব্যাস,
তুমিসে কৰিলা সবে জগতকে নাশ।
নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ,
নাহি মন্দ কৰ্ম্ম আৰ ইহাৰ সমান॥
আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম্ম,
নুবুজিলা তুমিও বেদৰ তত্ব মৰ্ম্ম।
গৰিহিত কৰ্ম্মকো কহিলা ধৰ্ম্ম বুলি,
তোমাৰ বচনে লোক নাশিল সমূলি॥
স্বভাৱে লম্পট বিষয়ত অনুৰাগ,
স্বৰ্গ পাইবো বুলি ৰঙ্গে কাটে হংস ছাগ।
কৰে নানা হিংসা ধৰ্ম্ম নানা দেৱ পুজে,
পূণ্য ক্ষয় ভৈলে পুনু নৰকত মজে॥

(৮৬)