পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

প্ৰকটি কহিলা তুমি আনসে ধৰ্ম্মক,
নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্ত্তনক॥
সিজিল তোমাত ঋষি পৰম অন্যায়,
নাহি সুস্থ চিত্ততৱ সেহিঅভিপ্ৰায়॥
মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ,
প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ।
শ্ৰবণ কীৰ্ত্তন মাত্ৰ কনোক নিশেষ,
দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ॥

ভাঙনি ঘোষা :-

ব্যাস নামে অৱতাৰ পৰাশ নন্দন,
দিলা ভকতিৰ পথ শ্ৰৱণ কীৰ্ত্তন॥

পদ :-

যদ্যপি ভকতি নৱবিধ মাধৱৰ,
শ্ৰৱণ কীৰ্ত্তন তাতো মহা শ্ৰেষ্ঠতৰ।
অৰ্চ্চন বন্দন ধ্যান সমস্ততে কৰি,
যশ কীৰ্ত্তনত আতি তুষ্ট হোন্ত হৰি।
যিটো বাক্য নাই নাম কৃষ্ণৰ চৰিত্ৰ,
উচ্চিষ্ট গতৰ্ত কৰি সিটো অপবিত্ৰ।
কাক তুল্য কামী পুৰুষৰ তাত ৰতি,
ভকতৰ নাই তাত অভিৰ্লাষ মতি।
যিটো বাক্যে আছে গুণনাম মাধৱৰ৷
সিটো বাক্যে হৰে পাপ জন সমূহৰ।
ভকতি বিহীন জ্ঞান কৰ্ম্মে সবে ব্যৰ্থ,
কহিলো স্বৰূপে বেদান্তৰো তত্ব অৰ্থ।
আৱে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ,
কেৱলে দিয়োক ভকতিৰ উপদেশ।
স্বধৰ্ম তেজি ভজে কৃষ্ণক সম্প্ৰতি,
তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি॥}}

...............

(৮৭)