গগণে গৰজে ঘন বোলে লৈয়া নাৰায়ণ
চলে বসুদেৱ ধীৰে ধীৰে।
দেখিয়া সহস্ৰানন ভিজে প্ৰভূ নাৰায়ণ
ফনায়ে ধৰিলা ছত্ৰ শিৰে॥
যমুনাৰ পাৰ হৈয়া গকুলৰ পথ পায়া
চলি যাৱে বসুদেৱ সন্ত।
মুখ্যদ্বাৰ পাৰভৈলা কেহোঁ তাক নাকলিলা
নন্দৰ মন্দিৰে পশিলন্ত।
তৈতো প্ৰহৰীয়াসৱ নিদ্ৰাজালে নিশৱদ
হৈয়া সবে আছিলা শুতিয়া।
পৰশন্তে বসুদেৱ নয়নৰ পৰে নীৰ
ৰোমাঞ্চিত ভৈল সৰ্ব্বকায়া॥
পুত্ৰক শৰ্যাত থৈয়া কন্যাক কোলাত লৈয়া
পুনু পালতিলা বসুদেৱ।
মথুৰা নগৰীপায়া কাৰাগাৰত বন্দীহৈয়া
থাকিলন্ত নাজানিয়া কেৱ॥
হৰিকথা ৰসে আতি প্ৰৱেশ ভৈলেক মতি
শুনিয়োক তাক ফলচয়।
বিভৎস বিষয় যত তাত কৰি বিষয়ত
কৃষ্ণপদে ৰতি জনমায়।
জানি শুনা কৃষ্ণ কথা জন্মক নকৰা বৃথা।
সমস্ত শাস্ত্ৰৰ ইসে সাৰ।
কৃষ্ণ কথা পৰিহৰি ফুৰে আন কৰ্মকৰি
সিটো চিন্তে আপোনাৰ যাৰ॥
যাৰ নাম মাত্ৰে তৰি হেনয় বান্ধৱ হৰি
কৰি আছা হিয়াত নিবাস।
(১৭৭)