পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


কৃষ্ণ হেন দেৱ  আউৰ নপাইবা
  উপকাৰী কৃপাময়।
নাম মাত্ৰ লৈলে  এতেকে কৰন্ত
 সমস্তে পাতক ক্ষয়।
ভুকুতি মুকুতি  পদকো সাধন্ত
 শ্ৰৱণ যশ কীৰ্ত্তনে।
হেনয় বান্ধৱ  দেৱক নভজে
 কোননো অধমজনে।
আন দেৱ তেজি  মোকে মাত্ৰ ভজি
 ভৈলেক এক শৰণ।
সাধু সেইজন অৰ্জ্জুণৰ আগে
 বুলিলা কৃষ্ণে বচন॥
প্ৰভূ ভগৱন্ত  অনন্ত ঈশ্বৰ
 ভকত বৎসল হৰি।
মায়াক তৰিয়া  বৈকুণ্ঠক পাইবা
 তযু নাম সদা স্মৰি॥

..........................

৯৪। মূল ঘোষাঃ-

ভকতক উদ্ধাৰমনে  আদেশ কৰিলা কৃষ্ণে
 যোগমায়া গকুলক যোৱা।
দৈৱকীৰ গৰ্ভহৰি  ৰোহিনীত থৈয়া নিয়া
 তুমি যশোদাত উপজাহা॥

পদঃ—

অধৰ্ম্মীক নাশহেতু  ইবাৰ গৰুড় কেতু
 বেকত হোৱন্ত নিজে আসি।
আপোনাক ভগৱন্ত  আপুনি স্ৰজিলন্ত
 মনুষ্যৰ নাটক প্ৰকাশি॥

(১৭৬)