পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


আপোনাক তেন্তে  আপুনি স্ৰজন্ত
 মনুষ্য নাট কৰিয়া॥
কৰ্মে বা তাহান  জন্ম কৰাৱয়
 ইটো কথা নুহিকয়।
যোগ মায়া ধৰি  ভগৱন্ত হৰি
 অধৰ্ম্ম কৰয় ক্ষয়॥
যোগৰ নিয়ন্তা  ঈশ্বৰ সাক্ষাত
 সাক্ষী প্ৰভূ জগতৰ।
সৰ্ব্বব্যাপি যিটো  আনন্দ স্বৰূপ
 অন্তৰ্যামী সমস্তৰ॥
এতেকে তাহান  জন্ম আদি কৰ্ম্ম
 নুহকিা কেহো কাৰণ।
মায়া বিনোদিয়া  ব্যতিৰেক আন
 ব্ৰহ্মাৰ নাহি জানন॥
শুনা সামাজিক  কৃষ্ণৰ চৰিত্ৰ
 অমৃত ইসে প্ৰধান।
ধন-জন যত  পুত্ৰ পৰিবাৰ
 ইসৱ বিষ সমান।
এতিক্ষণে আছে  এতিক্ষণে নাই
 টাটেক নাটেক মায়া।
পদ্ম পত্ৰ জল  জীৱন চঞ্চল
 অথিৰ মনুষ্য কায়া॥
কেতিক্ষণে আসি  ধৰিলেক পৰা
 বিষম অন্তক বাঘে।
জানিয়া সত্বৰে  ধৰিয়ো কৃষ্ণৰ
 চৰণত অনুৰাগে॥

(১৭৫)