পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

মৌক্তিবৰ ছত্ৰক  ধৰি দুই কাছে
 ধবল চামৰে বিছে।
সঘনে সুৰভি  সু-শীতল বায়ু
 সুগন্ধি কুসুম সিছে॥
কৌটি কন্দৰ্পক  জিনিয়া বিৰাজে
 প্ৰভূৰ ৰূপ বিপুল।
চৈতন্য স্বৰূপে  প্ৰকাশ কৰয়
 জগতৰ আদি মূল॥
হেনয় আনন্দ  মুৰ্ত্তিক নিৰেক্ষি
 একান্ত ভকতি ভাৱে।
ৰাতুল অভয়  চৰণ দুখানি
 উপাসান্ত লক্ষ্মীমাৱে॥
কাষে পৰিষদ  আগত বৈষ্ণৱ
 আছে কৃতাঞ্জলি কৰি।
সিংহ দুৱাৰতে  আছে জয়বিজয়
 বৈকুণ্ঠ মুখ্য দুৱৰী॥
ওপৰে চন্দ্ৰতাপ  আসনত জগন্নাথ
 পূৰ্ণব্ৰহ্ম ভগৱন্ত।
বসি ঠাৱেঠাৱে  হৰিনাম গাৱে
 প্ৰভূৰ নিজ ভকত॥
আজি নামেঘৰত  পদ্মফুল ফুলিছে
 ভকতে আছন্ত বেৰি।
হৰনািম ৰসে অমৃত বৰষে
 তনু ৰোমাঞ্চিত কৰি॥
জগতৰ গুৰুৱে  কৰিছা নিৰ্মাণ
 উপাসনাৰ ঠাই।

(১৭৩)