পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


হেন জানি যত  সমস্যাৰ প্ৰাণী
 এৰি আন যত কাৰ্য।
কৃষ্ণৰ কিঙ্কৰে  কহে নিৰন্তৰে
 ডাকি বোলা ৰাম ৰাম॥

৯২। মূল ঘোষাঃ-

নামঘৰ মনোহৰ  জাতীয় সভাঘৰ
 দ্বিতীয় বৈকুণ্ঠ ধাম।
কোটি সূৰ্য সম  প্ৰকাশ কৰয়
 ভকতৰ ৰহস্য স্থান।

পদঃ—

ৰত্নৰ মন্দিৰ  স্তম্ভ বৈদুৰ্যৰ
 পদ্মৰাগ ৰত্নে চ’তি।
প্ৰবাল ৰাসৰে  জলমল কৰে
 হৰি মন্দিৰৰ জ্যোতি॥
কাটিলা জিঞ্জিৰি  শুদ্ধ সুবৰ্ণৰ
 খাটিবো লগায়া ধাৰ।
চিকিমিকি কৰে হিয়াৰ দুৱাৰে
 মানিক কপাট তাৰ॥
মুকুতা মুৰাৰী  চন্দ্ৰতাপ আঁৰি
 জলীয়া ধৰ্ম্মৰ বন্তি।
বৈকুণ্ঠ সম্পদ  ৰশ্মিয়ে ৰঞ্জিত
 হৰিৰ গৃহৰ কান্তি॥
ৰতনে ৰচিত  সূবৰ্ণ খচিত
  থাপি ৰত্ন সিংহোসন।
ৰত্ন আসনতে  পৰম আনন্দে
 প্ৰকাশন্ত নাৰায়ণ॥

(১৭২)