পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

আহা সখি আহা ভাই নন্দঘৰে যাওঁ।
যশোদাৰ পুত্ৰ মুখ নয়ন ভৰি চাওঁ॥
যশোদাৰ আগে গোপী যেৱে ভৈলা থিয়।
আশীৰ্বাদ দিলে শিশু হৌক চিৰঞ্জীব॥
যশোদা জননী হেৰা চৰণত ধৰো।
বৃদ্ধ কালে হোৱে পুত্ৰ দিয়া চুম্বন কৰো॥
আসিলন্ত ঋষি-মুনি নন্দৰ আলয়ে।
গোপীয়ে আনন্দ কৰে কৃষ্ণ কোলে লৈয়ে॥
কান্দিছে যশোদা যাৱে কৃষ্ণক নাপাই।
কোলা শুদা ভৈলে মোৰ কৈগিলে পুতাই॥
নাকান্দা নাকান্দা আই গোপীসবে বোলে।
লৱৰি কৃষ্ণক দিলে জননীৰ কোলে॥
গোপীসৱে বোলে আই কিনো তপসাইলা।
ত্ৰিজগত পতি হৰি পুত্ৰৰূপে পাইলা॥
কিৰূপ দেখাইলা প্ৰভূ শ্যামল সুন্দৰ।
শিশুৰূপ ধৰি মুহিলা লোকৰ॥
কিনো ইটো ভাগ্য দেখা ৰাণী যোশোদাৰ।
যাৰ স্তন পাইয়া তুষ্ট জগত ঈশ্বৰ॥
যদ্যপি নিৰ্গুণ প্ৰভূ গুণে প্ৰবেশিল।
নিৰ্গুণ হোৱই জীৱ সেহি গুণ গাইল॥
সহজে অকৰ্তা কৰ্ম্ম কৰা অপৰ্য্যন্ত।
সেহিকৰ্ম্মে জীৱৰ কৰ্ম্ম কৰা অন্ত॥
গকুলৰ সবে প্ৰজা পূৰ্ণ ভৈলা কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥

............

(১৪৩)