ভাঙনি ঘোষাঃ-
ধৰিয়া মানৱী ৰূপ প্ৰভূ নাৰায়ণ।
কান্দিয়া অস্থিৰ কৈলা জননীৰ মন।
পদঃ-
অৰূপ নয়ন মুদি কান্দে যদুমণি
চান্দ মুখ মচি কোনে লৈলন্ত জননী।
কান্দোনতে চক্ষুৰ জল ধাৰে বহি পৰে।
মৰকত মণিযেন শ্যামল শৰীৰে॥
জননীৰ মুখ চাই কান্দে যদুপতি।
মৰি যাওঁ বাচা মই তোমাৰ পালতি॥
পাৱে ধৰো মাথে লওঁ নাকান্দা পোতাই।
মুখে স্তন লৈয়া কান্দে জগত গোসাঁই॥
মাণিক জ্বলায় যেন নয়নৰ জল।
ক্ৰোধত শুকাইল তব বদন কমল॥
মোৰ বাচা মোৰ ধন ধুলায়ে ধূসৰ।
কান্দোতে কান্দোতে বাচা ভাগিল শৰীৰ॥
ধূলা জাৰি বোলে লৈলা মুখে দিলা স্তন।
তাৰ পাছে খলখলি হাসে নাৰায়ণ॥
কিনো অদভূত ভাগ্য ৰাণী যশোদাৰ।
যাৰা স্তন খায়া তুষ্ট জগত ঈশ্বৰ॥
কিনো ভাগ্য গকুলৰ ধেনু বৎসগণ।
দুগ্ধ খায়া তুষ্ট হৈলা জনাৰ্দ্দন।
কিনো ভাগ্য কিনো ভাগ্য ব্ৰজৰ লোকৰ।
নয়নে সাৰ্থক ৰূপ দেখিল হৰিৰ॥
যাগে যাগে মুনিয়ে নাপাৱে দৰিশন।
গোপ শিশু সঙ্গে খেলে দেৱ নাৰায়ণ॥
হেনয় পৰম দেৱ ৰাম-কৃষ্ণ হৰি
পাইলা মোক্ষ পদব্ৰজে সংসাৰক তৰি॥
............
(১৪৪)